চপাইদঙৰ ৰোলবল–স্কেটিং খেলুৱৈৰ কাষত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ

News18 Assam | News18-Assam
Updated:October 30, 2020, 11:04 AM IST
চপাইদঙৰ ৰোলবল–স্কেটিং খেলুৱৈৰ কাষত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ
চপাইদঙৰ খেলৰ পৰিবেশ দেখি অভিভূত হৈ পৰা জুবিনে সময় পালেই খেলুৱৈসকলৰ মাজত উপস্থিত হ’ব বুলি জানিবলৈ দিয়ে।

চপাইদঙৰ খেলৰ পৰিবেশ দেখি অভিভূত হৈ পৰা জুবিনে সময় পালেই খেলুৱৈসকলৰ মাজত উপস্থিত হ’ব বুলি জানিবলৈ দিয়ে।

  • Share this:
গুৱাহাটীৰ চপাইদঙৰ ৰোলবল আৰু স্কেটিং খেলুৱৈক উৎসাহ দিয়াৰ বাবে খেলুৱৈসকলৰ কাষত থিয় দিয়ে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। অসম ৰোলবল সন্থাৰ সাধাৰণ সম্পাদক ভূমিধৰ বৰ্মনৰ তৎপৰতাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ চপাইদঙত স্থাপন হৈছিল তিনিখনকৈ ৰোলবল আৰু স্কেটিঙৰ ক’ৰ্ট। উক্ত ক’ৰ্টত চপাইদং, হাতীশিলা, নাৰেংগী আদি অঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলে নিয়মীয়াকৈ অনুশীলন কৰে। য’ত খেলৰ কৌশল শিকাই প্ৰশিক্ষকৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ খেলুৱৈয়ে।

সেই স্থানতে অকস্মাৎ গৈ উপস্থিত হয় জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। উল্লেখযোগ্য যে অসম ৰোলবল সন্থাই বিগত বৰ্ষত আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো জুবিন গাৰ্গ ব্ৰেণ্ড এম্বেছাদৰ আছিল। চপাইদঙৰ খেলৰ পৰিবেশ দেখি অভিভূত হৈ পৰা জুবিনে সময় পালেই খেলুৱৈসকলৰ মাজত উপস্থিত হ’ব বুলি জানিবলৈ দিয়ে।
Published by: Sanjay Kumar Das
First published: October 30, 2020, 10:57 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading