
অভয়াপুৰীৰ পিৰাধৰাৰ বুঢ়ী আইৰ থানত দেৱালী উৎসৱত মাটিৰ চাকিৰে সজাই তুলিছে জুবিন গাৰ্গৰ ছবি ।
অভয়াপুৰীৰ পিৰাধৰাৰ বুঢ়ী আইৰ থানত দেৱালী উৎসৱত মাটিৰ চাকিৰে সজাই তুলিছে জুবিন গাৰ্গৰ ছবি ।
দেৱালীত উজলিল নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৰ্ৱ জুবিন গাৰ্গ ৷ অভয়াপুৰীত মাটিৰ চাকিৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকণ কৰিলে তেওঁৰ অনুৰাগীয়ে। অভয়াপুৰীৰ পিৰাধৰাৰ বুঢ়ী আইৰ থানত দেৱালী উৎসৱত মাটিৰ চাকিৰে সজাই তুলিছে জুবিন গাৰ্গৰ ছবি । লগতে জুবিন গাৰ্গৰ কেইবাটাও গীতৰ কলি উজলিল দেৱালীৰ দিনটোত। ‘মনৰ নিজানত জোনাক আছিলে’ , ‘মন যায় ’ , ‘মনলৈ উভতি আহে লৰালি’ আদি কেইবাটাও গীতৰ কলি চাকিৰ পোহৰত উজলি উঠে ৷
উল্লেখনীয় যে, প্ৰায় পাঁচ–ছয় হাজাৰ মাটিৰ চাকি আৰু সত্তৰ লিটাৰ মিঠাতেলৰ ব্যৱহাৰেৰে উজলি উঠিছে এই নান্দনিক দৃশ্য ৷ ইয়াৰ উপৰিও ' আই লাভ অভয়াপুৰী ' বুলিও লিখা হৈছিল । এই ক্ষেত্ৰত প্ৰয়োজনীয় মাটিৰ চাকি, মিঠাতেল, শলিতা ইত্যাদি গাঁৱখনৰ বিভিন্ন পৰিয়ালে আগবঢ়ায় । প্ৰতিকূল বতৰৰ মাজতে গাঁৱখনৰ শিশুৰ পৰা বৃদ্ধ সকলোৱে আহি চাকি জ্বলোৱা পৰিলক্ষিত হয় । এই দৃশ্য উপভোগ কৰিবলৈ অভয়াপুৰীৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোক উপস্থিত হয় । উক্ত ঠাইখনৰ উদ্যোক্তাই প্ৰতি বছৰে বিভিন্ন থিম লৈ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|