• Home
  • »
  • News
  • »
  • assam
  • »
  • Zubeen Garg Health Update : বৰ্তমান কেনে আছে জুবিন গাৰ্গ? জনালে আয়ূৰসুন্দ্ৰা হাস্পতাল কৰ্তৃপক্ষই

Zubeen Garg Health Update : বৰ্তমান কেনে আছে জুবিন গাৰ্গ? জনালে আয়ূৰসুন্দ্ৰা হাস্পতাল কৰ্তৃপক্ষই

এনেদৰে স্বাস্থ্যৰ উন্নতি ঘটিলে জুবিনক দুই–এদিনতে ঘৰলৈ যাবলৈ দিয়া হ’ব বুলিও জনায় হাস্পতাল কৰ্তৃপক্ষই।

এনেদৰে স্বাস্থ্যৰ উন্নতি ঘটিলে জুবিনক দুই–এদিনতে ঘৰলৈ যাবলৈ দিয়া হ’ব বুলিও জনায় হাস্পতাল কৰ্তৃপক্ষই।

এনেদৰে স্বাস্থ্যৰ উন্নতি ঘটিলে জুবিনক দুই–এদিনতে ঘৰলৈ যাবলৈ দিয়া হ’ব বুলিও জনায় হাস্পতাল কৰ্তৃপক্ষই।

  • Share this:
যথেষ্ট উন্নতি ঘটিছে জুবিন গাৰ্গৰ স্বাস্থ্যৰ। এই কথা জনালে আয়ূৰসুন্দ্ৰা হাস্পতাল কৰ্তৃপক্ষই। আজি এক সংবাদমেলৰ আয়োজন কৰি হাস্পতাল কৰ্তৃপক্ষই জনায়, কালিৰ পৰা স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে জুবিনৰ। ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত আছে। কালি ছডিয়াম, পটাছিয়াম আদি সঠিক মাত্ৰাত নাছিল, সেইবোৰৰ আজি যথেষ্ট উন্নতি ঘটিছে। নিশা ভালদৰে শুইছে, খোৱা–লোৱা কৰিছে।

ইতিমধ্যে তেজ পৰীক্ষাবোৰৰ ৰিপ’ৰ্ট আহিছে, চিকিৎসকে চিকিৎসা প্ৰক্ৰিয়া চলাই গৈছে। আজি মগজুৰ এমআৰআই কৰা হৈছে। এমআৰআই ৰিপ’ৰ্ট প্ৰাৰম্ভিক অৱস্থাত আছে যদিও কেইবাটাও দিশ চাবলগা হোৱাৰ বাবে ৰিপ’ৰ্ট সঠিকভাৱে বিশ্লেষণ কৰিবলৈ কিছু সময় লাগিব বুলি কয় হাস্পতাল কৰ্তৃপক্ষই।

এনেদৰে স্বাস্থ্যৰ উন্নতি ঘটিলে জুবিনক দুই–এদিনতে ঘৰলৈ যাবলৈ দিয়া হ’ব বুলিও জনায় হাস্পতাল কৰ্তৃপক্ষই। লগতে জনালে যে জুবিনক জিৰণীৰ প্ৰয়োজন। অনুৰাগীক কিছুদিন আঁতৰি থকাৰ আহ্বান। জুবিনক জিৰণীৰ প্ৰয়োজন, টোপনিৰ প্ৰয়োজন।
Published by:Sanjay Kumar Das
First published: