দুবছৰ পূৰ্বেও একেই ৰোগ হৈছিল জুবিন গাৰ্গৰ, শিলিগুৰিৰ পৰা আহি থকা অৱস্থাত গাড়ীৰ ভিতৰতে সংজ্ঞাহীন হৈ পৰিছিল জুবিন

News18 Assam | News18-Assam
Updated:February 28, 2020, 9:37 PM IST
দুবছৰ পূৰ্বেও একেই ৰোগ হৈছিল জুবিন গাৰ্গৰ, শিলিগুৰিৰ পৰা আহি থকা অৱস্থাত গাড়ীৰ ভিতৰতে সংজ্ঞাহীন হৈ পৰিছিল জুবিন
চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰি আছে জুবিন গাৰ্গৰ

চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰি আছে জুবিন গাৰ্গৰ

  • Share this:
বৃহস্পতিবাৰে নিশা সংগীতানুষ্ঠানৰ মাজতে হঠাৎ অসুস্থ হৈ পৰে জুবিন গাৰ্গ। লগে লগে জুবিন গাৰ্গক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিন গাৰ্গক। বৰ্তমান জুবিন গাৰ্গক চিকিৎসালয়খনৰ ICUত ৰখা হৈছে।

জানিব পৰা মতে, দুবছৰ পূৰ্বেও একেই ৰোগত আক্ৰান্ত হৈছিল জুবিন গাৰ্গ। শিলিগুৰিত অনুষ্ঠান পৰিৱেশন কৰি উভতি আহোতে হৈছিল সেই ঘটনা। গাড়ীৰ ভিতৰত সংজ্ঞাহীন হৈ পৰাৰ পিছত ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত।

গুজৰাটৰ পৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চিকিৎসকৰ সৈতে ফোন যোগে কথা পাতি স্বাস্থ্যৰ বুজ লয়। ইতিমধ্যে জুবিন গাৰ্গ অসুস্থ হোৱাৰ খবৰ পাই চিকিৎসালয়ত উপস্থিত হৈছে বহু অনুৰাগী। চিকিৎসালত উপস্থিত হয় জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী নৱ দলেৰ লগতে বিধায়িকা আঙুলতা ডেকা, অভিনেতা যতীন বৰা।
আৰু চাওক
পৰৱৰ্তী বাতৰি