உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Zubeen-Garima's 25th Years Love Story : অসমৰ সকলোতকৈ সুন্দৰ দম্পতী জুবিন-গৰিমাৰ মিলনৰ ২৫ বছৰ, উদযাপন কৰিছে কেনেকৈ...

    Zubeen-Garima's 25th Years Love Story : অসমৰ সকলোতকৈ সুন্দৰ দম্পতী জুবিন-গৰিমাৰ মিলনৰ ২৫ বছৰ, উদযাপন কৰিছে কেনেকৈ...

    ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল জুবিন-গৰিমা। তাৰ কেইবাবছৰ আগৰে পৰা প্ৰেম আছিল জুবিন আৰু গৰিমাৰ। 

    ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল জুবিন-গৰিমা। তাৰ কেইবাবছৰ আগৰে পৰা প্ৰেম আছিল জুবিন আৰু গৰিমাৰ। 

    ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল জুবিন-গৰিমা। তাৰ কেইবাবছৰ আগৰে পৰা প্ৰেম আছিল জুবিন আৰু গৰিমাৰ। 

    • Share this:
    যাৰ গান আৰু সুৰৰ উপজীৱ্য প্ৰেম, সেই জুবিন গাৰ্গৰ প্ৰেমৰ জীৱনৰ আজি ২৫ বছৰ সম্পূৰ্ণ হ'ল। অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে উদযাপন কৰিছে মিলনৰ এই ২৫ বছৰ। অসমৰ আটাইতকৈ সুন্দৰ দম্পতী জুবিন-গৰিমাৰ এই শুভ দিনত ৰাজ্যবাসীয়ে শুভেচ্ছাৰে উপচাই দিছে।

    পিছে বিবাহ বাৰ্ষিকী নহয়, জুবিন-গৰিমাই ইজনে সিজনক লগ পোৱাৰ, অবিনশ্বৰ প্ৰেমৰ বান্ধোনত বান্ধ খোৱাৰ আজি ২৫ বছৰ হ'ল। এই কথা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে গৰিমা শইকীয়া গাৰ্গে।

    পোষ্টত গৰিমাই লিখিছে, "আমি লগ পোৱাৰ এই যাত্ৰা...২৫ বছৰ একেলগে আৰু অবিৰত"



    উল্লেখ্য যে ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল জুবিন-গৰিমা। তাৰ কেইবাবছৰ আগৰে পৰা প্ৰেম আছিল জুবিন আৰু গৰিমাৰ।

    এখন পত্ৰৰ যোগেদি চিনাকী আৰু তাৰ পিছত প্ৰেম আৰু শেষত জীৱন সংগী হৈ সেই প্ৰেমক অমৰ কৰি ৰাখিছে জুবিন-গৰিমাই।

    উল্লেখ্য যে গৰিমা শইকীয়া গাৰ্গ নিজেই এগৰাকী প্ৰতিষ্ঠিত ফেশ্বন ডিজাইনাৰ। আজিৰ এই আনন্দৰ মুহূৰ্তত অনুৰাগীয়ে হিয়া উজাৰি অভিনন্দন জনাইছে দুয়োকে।
    Published by:Manjumoni Borah
    First published: