এতিয়াৰ পৰা জুবিন গাৰ্গে আৰু গীত নাগায়! কিয় শিল্পীগৰাকীয়ে ল’লে এই সিদ্ধান্ত?

News18 Assam | News18-Assam
Updated:November 20, 2020, 7:06 PM IST
এতিয়াৰ পৰা জুবিন গাৰ্গে আৰু গীত নাগায়! কিয় শিল্পীগৰাকীয়ে ল’লে এই সিদ্ধান্ত?
ৰাজনৈতিক দললৈ ঢাপলি মেলা সকলক নিজৰ স্বাৰ্থৰ পৰিৱৰ্তে ৰাইজৰ হৈ কাম কৰিবলৈ আহ্বান জনালে জুবিন গাৰ্গে।

ৰাজনৈতিক দললৈ ঢাপলি মেলা সকলক নিজৰ স্বাৰ্থৰ পৰিৱৰ্তে ৰাইজৰ হৈ কাম কৰিবলৈ আহ্বান জনালে জুবিন গাৰ্গে।

  • Share this:
এতিয়াৰ পৰা আৰু গীত নাগায় জুবিন গাৰ্গে! পিছে কিয়? গীত গোৱাৰ পৰিৱৰ্তে কেৱল ছবিত অভিনয়হে কৰিব নেকি জুবিনে? জুবিন গাৰ্গে গীত নোগোৱাৰ সিদ্ধান্ত হয়টো অনুৰাগী সকলে কেতিয়াও মানি ল’ব নোৱাৰিব। চিন্তা নকৰিব! জুবিন গাৰ্গে নাগায় মাত্ৰ কিছুমান বিশেষ গীতহে।

ৰাজ্যত ক্ৰমাত্‍ বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনী বতাহ। সকলো ৰাজনৈতিক দলেই এতিয়া নিজ নিজ ধৰণে প্ৰস্তুত কৰিছে নিৰ্বাচনী ৰণকৌশল। ৰাজ্যৰ বহু কণ্ঠশিল্পীয়েও প্ৰায়ে নিৰ্বাচনত ভোটাৰৰ মন জয় কৰিবলৈ বিভিন্ন ৰাজনৈতিক দলৰ হৈ গীত পৰিৱেশন কৰে। ব্যতিক্ৰম নহয় জুবিন গাৰ্গো।

২০১৬ চনত বিজেপিৰ হৈ জুবিন গাৰ্গে গোৱা গীতে ব্যাপক সমাদৰ লাভ কৰিছিল। ৰাজ্যৰ গাঁৱে গাঁৱে জনপ্ৰিয় হৈ পৰিছিল গীতবোৰ। ইয়াৰ পূৰ্বেও জুবিন গাৰ্গে কংগ্ৰেছ দলৰ হৈ গাইছিল নিৰ্বাচনী গীত। পিছে এইবাৰ নিৰ্বাচনৰ সময়ত কোনো ৰাজনৈতিক দলৰ হৈ গীত নাগাই জুবিনে।

এই সন্দৰ্ভত জুবিন গাৰ্গে কয় যে, ‘মই আৰু কোনো দিন ৰাজনৈতিক দলৰ হৈ গীত নাগাও। পূৰ্বে দুটা ৰাজনৈতিক দলৰ হৈ গালো যদিও আৰু নাগাও। ৰাজনৈতিক দলৰ হৈ গীত গালে নিজৰ আদৰ্শৰ ওপৰত বহুতে প্ৰশ্ন কৰে।’

ইফালে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ নেতৃত্ব লোৱা একাংশই ৰাজনৈতিক দললৈ ঢাপলি মেলিলে। এতিয়া সেইসকলকো নিজৰ স্বাৰ্থৰ পৰিৱৰ্তে ৰাইজৰ হৈ কাম কৰিবলৈ আহ্বান জনাই জুবিন গাৰ্গে।
Published by: Himangshu Bhuyan
First published: November 20, 2020, 7:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading