নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰতৰ হৈছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰতৰ হৈছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। তাৰ মাজতেই শিল্পীৰ প্ৰতিবাদী সভাত ভাগলৈ জুবিন গাৰ্গে তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। জুবিন গাৰ্গে সৰ্বানন্দ সোণোৱালক কটাক্ষ কয় যে, ‘সৰ্বা দা চকু মেলক, কৃষ্ণ কৃষ্ণ কৰি থাকি লাভ নাই, মৌনব্ৰত ভাঙক’। মই গীত গাই বিজেপিক জয়লাভ কৰাত সহায় কৰিছিলো। কিন্তু এতিয়া আমিয়েই শাসনৰ পৰা ওফৰাম বিজেপিক।’
জুবিন গাৰ্গে লগত কয় যে, ‘আমিও শিক্ষিত। অমিত শ্বাহ পণ্ডিত নহয়। মোদী চাহ দোকানী আছিল, আকৌ চাহ দোকান দিয়কগৈ। বলপূৰ্বকভাবে আমাৰ ওপৰত জাতিধ্বংসী বিল জাপি দিব আমি মানি নলও।’
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|