জুবিনে কয় – ‘মোদীয়ে হওক, অমিত শ্বাহেই হওক, তেওঁলোকে অসমীয়া মানুহক বুজি পাব নেকি? আমি নিজেই ঠিকে থাকিব লাগিব। আমাৰ মাটিও আছে, খেতিও আছে, শক্তিও আছে, আৰু আটাইতকৈ ভাল মন এটা আছে অসমীয়াৰ।
জুবিনে কয় – ‘মোদীয়ে হওক, অমিত শ্বাহেই হওক, তেওঁলোকে অসমীয়া মানুহক বুজি পাব নেকি? আমি নিজেই ঠিকে থাকিব লাগিব। আমাৰ মাটিও আছে, খেতিও আছে, শক্তিও আছে, আৰু আটাইতকৈ ভাল মন এটা আছে অসমীয়াৰ।
বৰপেটাৰ বহৰিত এক সংগীতানুষ্ঠানত বিজেপি চৰকাৰক সমালোচনা জুবিন গাৰ্গৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি জুবিনে কয় – এইকেইদিন ৰাজনৈতিক নেতাসকলে বেলেগ বেলেগ কথা কৈ আছে। তেওঁলোকে কি ক’ব বিচাৰিছে আমি বুজি পোৱা নাই, তেওঁলোকেও বুজি পোৱা নাই কি কৈ আছে। আমি কিন্তু শুদ্ধ কথাই কৈ আছো। বিজেপিৰ পইচা আছে, বেলেগ একো নাই। গোটেই চৰকাৰখন পইচাৰ ওপৰত চলা চৰকাৰ। জাতীয়তাবোধ পইচাৰে নচলে, সেইটো ভিতৰৰ পৰা আহে।
জুবিনে কয় – ‘মোদীয়ে হওক, অমিত শ্বাহেই হওক, তেওঁলোকে অসমীয়া মানুহক বুজি পাব নেকি? আমি নিজেই ঠিকে থাকিব লাগিব। আমাৰ মাটিও আছে, খেতিও আছে, শক্তিও আছে, আৰু আটাইতকৈ ভাল মন এটা আছে অসমীয়াৰ। প্ৰলোভন–প্ৰৰোচনাত আমি নচলো। যি চৰকাৰেই নহওক, আমাক বিপ্লৱ কৰিব শিকাব নালাগে। আমি আগৰে পৰাই বিপ্লৱ কৰি আহিছো। এতিয়াও কৰিম। সৰু ল’ৰা–ছোৱালী মাৰিলেই প্ৰতিবাদ বন্ধ কৰিব নোৱাৰে। মোক আজিকালি গান গাবলৈ নিদিয়ে, বিজেপিয়ে বন্ধ কৰি দিয়ে। আমাৰ কথা আমি ক’মেই।’
‘বিজেপিয়ে এতিয়া শিল্পীক ৫০ হাজাৰকৈ দিছে। এতিয়া দিব, সকলোকে পইচা দিব। ঘৰত গৰু পুহিলে গৰুটোকো পইচা দিব।’ – মন্তব্য জুবিন গাৰ্গৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|