‘২০২১ ত চাম, বিজেপি, অগপ, কংগ্ৰেছে কিমান ভোট পায়? আমাক শক্তিশালী আঞ্চলিক দল লাগিব। কিন্তু মই নিৰ্বাচন নেখেলো।’
‘২০২১ ত চাম, বিজেপি, অগপ, কংগ্ৰেছে কিমান ভোট পায়? আমাক শক্তিশালী আঞ্চলিক দল লাগিব। কিন্তু মই নিৰ্বাচন নেখেলো।’
হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিত জুবিন গাৰ্গৰ উদাত্ত ভাষণ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শুৱালকুছিত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ উদ্যোগত আয়োজন কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী সভাত আকৌ এবাৰ বিজেপিক সমালোচনাৰে থকা থৰকা কৰিলে জুবিন গাৰ্গে।
প্ৰতিবাদী সভাত জুবিন গাৰ্গে কয় যে, ‘অগপ বিজেপি, কংগ্ৰেছ সকলো একেই, বাৰে বাৰে এইবোৰ নহ’ব, বহুত হ’ল আৰু মই কংগ্ৰেছীও নহয় বিজেপিও নহয়, AGPও নহয়। আমাৰ হাতত এতিয়া বিকল্প নাই, গতিকে ২০২১ৰ আগত আমাক এটা শক্তিশালী আঞ্চলিক দলৰ প্ৰয়োজন। মই নিৰ্বাচন নেখেলো, কিন্তু আমি শিল্পীসমাজে সহযোগ কৰিম।’
‘আকৌ NPR ওলিয়াইছে। প্ৰথমে NRC তাৰ পিছত CAA, এতিয়া আকৌ NPR। মুখৰ পৰা বেয়া মাত হে ওলাব আৰু। আৰু মুখৰ পৰা বেয়া শব্দ ওলোৱা পৰিবেশ বিজেপিয়ে সৃষ্টি কৰিছে।’
জুবিন গাৰ্গে লগতে কয় যে, ‘ আহি থাকোতে ৰাস্তাত গোটেই বিজেপিৰ পতাকা। কিন্তু আমি বিজেপিৰ বিৰুদ্ধে আহিছো।’
জাগীৰোডৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ শেহতীয়া সমস্যাৰ সন্দৰ্ভতো মন্তব্য কৰে জুবিন গাৰ্গে। জুবিন গাৰ্গে কয় যে, পেপাৰ মিলৰ লগত আমি আছো। তেওঁলোকৰ প্ৰতিটো খোজত আমি আছো। শিল্পীসমাজে সদায় তেওঁলোকক সহযোগ কৰিম।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|