পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে জুবিন গাৰ্গ। কাঞ্চনজংঘা নিৰ্মাণৰ সময়ত ব্ৰাহ্মণ সমাজক লৈ মন্তব্য কৰি বিতৰ্কত সোমাই পৰা জুবিন গাৰ্গে এইবাৰ কলিতা জনগোষ্ঠীক লৈ কৰা এক মন্তব্যই সৃষ্টি কৰিছে বিতৰ্কৰ।
সৰুপেটাত এক অনুষ্ঠানত কলিতা সমাজক লৈ জুবিন গাৰ্গে কৰিছিল বিতৰ্কিত মন্তব্য। কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই সম্বৰ্ধনা জনোৱাৰ সময়তে জনগোষ্ঠীক লৈ সমাজখন ভাগ ভাগ হৈ আছে বুলি মন্তব্য কৰিছিল জুবিনে। আজি কলিতা জনগোষ্ঠী, কাইলৈ গাৰ্গ জনগোষ্ঠী, পৰহি শৰ্মা জনগোষ্ঠী ওলাই সমাজখন ভাগ ভাগ কৰিব। ইয়াৰ মাজতে জুবিনে অশ্লীল শব্দও ব্যৱহাৰ কৰিছিল।
কি কৈছিল জুবিনে?
এই মন্তব্যৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় কলিতা জনগোষ্ঠী সমাজত। তাৰ পিছতে জুবিনক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী তুলিছে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই।
ক্ষমা নুখুজিলে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|