এতিয়া জুবিনময় সমগ্ৰ ৰাজ্য! বৃহস্পতিবাৰে নগাঁওত চলালে কাঞ্চনজংঘাৰ প্ৰচাৰ

News18-Assam
Updated:August 22, 2019, 3:28 PM IST
এতিয়া জুবিনময় সমগ্ৰ ৰাজ্য! বৃহস্পতিবাৰে নগাঁওত চলালে কাঞ্চনজংঘাৰ প্ৰচাৰ
অহা ৬ চেপ্তেম্বৰত মুক্তিলাভ কৰিব জুবিন গাৰ্গৰ নতুন ছবি কাঞ্চনজংঘাই

অহা ৬ চেপ্তেম্বৰত মুক্তিলাভ কৰিব জুবিন গাৰ্গৰ নতুন ছবি কাঞ্চনজংঘাই

  • Share this:
‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই ; মই মুক্ত, মই কাঞ্চনজংঘা’ –উজনি অসমৰ প্ৰতিখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত এতিয়া জুবিনময় পৰিবেশ!

নিজৰ ছবি কাঞ্চনজংঘাৰ প্ৰচাৰত এতিয়া অত্যন্ত ব্যস্ত জুবিন গাৰ্গ। ছবিখনৰ কলা কৌশলীয়ে তীব্ৰতৰ কৰি তুলিছে ছবিখনৰ প্ৰচাৰ অভিযান। উজনি অসমৰ বিভিন্ন প্ৰান্তত ছবিখনৰ প্ৰচাৰ চলোৱাৰ পিছত বৃহস্পতিবাৰে জুবিন গাৰ্গ সহ ছবিখনৰ কলা কৌশলীসকল উপস্থিত হয় নগাঁওৰ কেইবাখনো আগশাৰীৰৰ মহাবিদ্যালয়ত।

জুবিন গাৰ্গক কাষত পাই এতিয়া উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয় সমূহৰ ছাত্ৰ–ছাত্ৰীসকল। প্ৰতিখন মহাবিদ্যালয়তে জুবিন গাৰ্গে ছবিখনৰ গীত গাই, সংলাপ আওৰাই ছবিখনৰ প্ৰতি সকলোৰে আকৰ্ষণ বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে।

অহা ৬ চেপ্তেম্বৰত মুক্তিলাভ কৰিব জুবিন গাৰ্গৰ নতুন ছবি কাঞ্চনজংঘাই। ইতিমধ্যে ইউ টিউব যোগে মুক্তি দিয়া ছবিখনৰ গীত আৰু ট্ৰেইলাৰে ছবিখনৰ প্ৰতি দুগুণে বৃদ্ধি কৰিছে উৎসুকতা।

First published: August 22, 2019, 3:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি