অজয় ফুকনৰ বিৰুদ্ধে নাৰাজ জুবিন গাৰ্গ
অজয় ফুকনৰ বিৰুদ্ধে নাৰাজ জুবিন গাৰ্গ
অজয় ফুকনৰ বিৰুদ্ধে নাৰাজ জুবিন গাৰ্গ। ‘অজয় ফুকনে নিজকে শিল্পী সমাজৰ সভাপতি বুলি কয়। অজয় ফুকনক কোনে সভাপতি পাতিলে শিল্পীসমাজৰ? অজয় শিল্পীসমাজৰ একো নহয়। গোলমাল কৰি থাকে। গতিকে আঁতৰাই দিছো তাক।’ এই মন্তব্য জুবিন গাৰ্গৰ।
ফেচবুকত অজয় ফুকনৰ বিৰুদ্ধে পোষ্ট শ্বেয়াৰ কৰাৰ পিছত প্ৰথমবাৰলৈ ৰাজহুৱাকৈ অজয়ৰ বিৰুদ্ধে মন্তব্য কৰিছে জুবিন গাৰ্গে। জুবিন গাৰ্গে লগতে কয় যে, ‘‘ অজয় ফুকন কোন? অজয় ফুকন শিল্পী সমাজৰ একো নহয়। ৰাইজৰ আগত শিল্পী সমাজৰ সভাপতি বুলি কৈ ফুৰিছে অজয়ে। মই ভাল পোৱা নাই তাৰ কথা এনেকৈ নহ’ব। অজয় ফুকনৰ কোনো অনুষ্ঠানত যাব নালাগে ৰাইজ। শিল্পী সমাজক আমি দি আছোঁ নেতৃত্ব, অজয় ফুকন কোন?’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|