জুবিন গাৰ্গে ৰাইজক অজয় ফুকনক বৰ্জন কৰিবলৈ ফেচবুকত জনালে বিশেষ আহ্বান।
জুবিন গাৰ্গে ৰাইজক অজয় ফুকনক বৰ্জন কৰিবলৈ ফেচবুকত জনালে বিশেষ আহ্বান।
‘কা’ বিৰোধী আন্দোলনৰ ভৰপক সময়ৰ মাজতে জুবিন গাৰ্গৰ প্ৰচণ্ড খং। বহুতেই জুবিন গাৰ্গৰ ‘ঢেমাধৰা’ আখ্যা দিয়া মুখাধাৰী শিল্পী অজয় ফুকনৰ ওপৰত চূড়ান্ত খৰ্গহস্ত জুবিন গাৰ্গ। অজয় ফুকনৰ বিৰুদ্ধে চাঞ্চল্যকৰ পোষ্ট হাৰ্টথ্ৰৱগৰাকীৰ। অজয় ফুকনৰ শেহতীয়া কৰ্ম কাণ্ডক লৈ অস্বস্তিত পৰা জুবিন গাৰ্গে ৰাইজক অজয় ফুকনক বৰ্জন কৰিবলৈ ফেচবুকত জনালে বিশেষ আহ্বান। জুবিন গাৰ্গে লিখিছে,
এয়া এক বিশেষ ঘোষণা, শ্ৰীমান অজয় ফুকনৰ সৈতে মোৰ কিছু সমস্যা হৈছে। তেওঁ আয়োজন কৰা কোনো অনুষ্ঠানলৈ অনুগ্ৰহ কৰি নাহিব। অসমৰ শিল্পী সমাজ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত। মই সদৌ অসম ছাত্ৰ সন্থা তথা অন্যান্য সংগঠন আৰু জ্যেষ্ঠ শিল্পীৰ সৈতে আলোচনা মৰ্মে সকলো বিৱৰি ক’বলৈ ইয়াত আছো। অসম শিল্পী সংস্থা এক একত্ৰিত গোট। ইয়াত কোনো ৰাজনীতি নাই। যদি কোনোবাই ৰাজনীতি কৰিবলৈ বিচাৰে তেনেহ’লে মই তেওঁক ঠেকেচি পেলাম। অজয় ফুকন এতিয়াৰ পৰা জুবিন গাৰ্গ ফেন ক্লাৱৰ সৈতে জৰিত নহয়।
সময়ে সময়ে বিভিন্ন বিতৰ্কিত কৰ্মকাণ্ড কৰি অহা শিল্পীৰ মুখাধাৰী অজয় ফুকনক জুবিন গাৰ্গে তুলা–ধুনা দিয়াৰ পিছত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
![]()
ফাইল ফটোঃজুবিন গাৰ্গ আৰু অজয় ফুকন।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|