কাইলৈ জুবিনৰ ওপজা দিনৰ, জন্মদিনৰ এদিন পূৰ্বে ডাঙৰ ঘোষণা হাৰ্টথ্ৰব জুবিনৰ!

আয়ুৰচুন্দ্ৰা হাস্পতালত মঙলবাৰে আবেলি আগতীয়াকৈ জন্মদিনৰ কেক কাটিলে জুবিনে৷
আয়ুৰচুন্দ্ৰা হাস্পতালত মঙলবাৰে আবেলি আগতীয়াকৈ জন্মদিনৰ কেক কাটিলে জুবিনে৷
- News18 Assam
- Last Updated: November 17, 2020, 7:55 PM IST
উল্লেখ্য যে জুবিনে কেক কটাৰ পূৰ্বে হাস্পতালত চিকিৎসাধীন ৰোগীৰ হাতত তুলি দিলে ফল–মূল–বিস্কুটৰ টোপোলা৷ এই অনুষ্ঠানতে জুবিনে ক’লে যে আগন্তক দিনত সংগীতৰ জগতখনত আৰু অধিক কাম কৰি যাব৷ নতুন বছৰত জুবিনে হাতত ল’ব এখন নতুন ছবি৷ হিন্দী ভাষাত নিৰ্মাণ হ’বলগীয়া ছবিখন হ’ব সম্পূৰ্ণ পৃথক৷ ফেব্ৰুৱাৰীত ছবিখনৰ কাম আৰম্ভ কৰাৰ ইংগিত জুবিনৰ৷
একেদৰে থলুৱা খাদ্য সম্ভাৰেৰে আৰম্ভ কৰিবলগীয়া বৃন্দাবন ছুপাৰমাৰ্টৰ কাম পূৰ্ণগতিত আৰম্ভ হৈছে বুলি কয় জুবিনে৷ নতুন বছৰত বজাৰ দখল কৰাৰ টাৰ্গেট৷ অনুষ্ঠানতে জুবিনৰ পত্নী গৰিমা গাৰ্গে তেওঁলোকৰ পৰিকল্পনাবোৰ বাস্তৱায়িত কৰাৰ বাবে অসমবাসী ৰাইজে পৰা সাহস আৰু মৰম দি যাব বুলি মন্তব্য কৰে৷
উল্লেখ্য যে কাইলৈ ৪৮সংখ্যক জন্মদিনত কোনো কাৰ্যসূচী ৰখা নাই জুবিনে৷ যদিওৱা বিভিন্ন স্থানৰ পৰা অনুৰাগীসকলে কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কথা জানিব পাৰিছে৷ কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে এইবাৰ কোনো কাৰ্যসূচী ৰখা নাই বুলি মন্তব্য জুৱিনৰ।