তেজপুৰলৈ গ’লেই জুবিন গাৰ্গে খাই ঘটি গৰমৰ চানা! প্ৰিয় শিল্পীগৰাকীৰ জন্মদিনৰ দিনা প্ৰিয় চানাৱালা জনেও বিশেষ ভাবে কৰিলে উদযাপন

জুবিনৰ প্ৰিয় চানাৱালাইও উদযাপন কৰিলে জন্মদিন৷
জুবিনৰ প্ৰিয় চানাৱালাইও উদযাপন কৰিলে জন্মদিন৷
- News18 Assam
- Last Updated: November 18, 2020, 4:35 PM IST
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আজি জন্মদিন৷ গীত গাই ব্যতিক্ৰমী “ঘটি গৰম” চানা বিক্ৰীৰে তেজপুৰৰ সকলোৰে চিনাকী “ঘটি গৰম” অৰ্থাৎ পৰিতোষ মণ্ডল জুবিনৰ অতিকৈ প্ৰিয়। জুবিন গাৰ্গৰ জন্মদিন প্ৰতিবছৰে তেজপুৰত উদযাপন কৰি আহিছে ঘটি গৰমে।
কাঞ্চনজংঘা ছবিৰ শ্বুটিঙৰ সময়তে আপোনহৈ পৰা “ঘটি গৰম”ক তেজপুৰলৈ আহিলেই বিচাৰে জুবিনে আৰু জুবিন অহাৰ বতৰা পালেই চানাসহ “ঘটি গৰম” উপস্থিত হয়গৈ জুবিনৰ কাষত ৷