জুবিন গাৰ্গক আক্ৰমণ কৰা হীৰকজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ, NSUIৰ পৰাও কৰিলে অপসাৰণ

মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হীৰকজ্যোতি ৰাজবংশীক
মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হীৰকজ্যোতি ৰাজবংশীক
- News18 Assam
- Last Updated: August 13, 2020, 9:35 PM IST
উল্লেখযোগ্য যে, বুধবাৰে নিশা গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত বাট ভেটি ধৰি জুবিনক অশ্লীল গালি–গালাজ কৰাৰ লগতে আক্ৰমণৰ চেষ্টা চলোৱা দুৰ্বৃত্তৰ দলটোত আছিল হীৰকজ্যোতি ৰাজবংশী। আহিছিল এখন মাৰুতি চিয়াজ গাড়ীত। AS 01BY 0675 নম্বৰৰ বগা ৰঙৰ চিয়াজখনৰ গৰাকী আছিল NSUI কামৰূপ মহানগৰৰ উপ–সভাপতি হিৰকজ্যোতি ৰাজবংশী।
ঘটনা সন্দৰ্ভত জুবিন গাৰ্গে নিশাই এজাহাৰ দাখিল কৰাৰ পিছতে হিৰকজ্যোতি ৰাজবংশীক বিচাৰি আৰক্ষীয়ে চলাইছিল দিনজোৰা অভিযান। ইয়াৰ পূৰ্বেও হীৰকজ্যোতিৰ বিৰুদ্ধে আছে মদ্যপান কৰি সাংবাদিকক আক্ৰমণ কৰাৰ অভিযোগ।