বুধবাৰে নিশা জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ। ঘটনাক তীব্ৰ ভাষাৰে এতিয়া গৰিহণা দিছে বিধায়িকা তথা এসময়ৰ অভিনেত্ৰী আঙুৰলতা ডেকাই। আঙুৰলতা ডেকাই কয় যে, আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ অসমৰ সম্পদ। তেনে এগৰাকী শিল্পীৰ লগত যি ঘটনা সংঘটিত হ'ল সেয়া গৰিহণাৰ যোগ্য। জুবিন গাৰ্গ কি হয়, আমাৰ অসমীয়াৰ বাদে বেলেগ কোনেও নুবুজে। তেখেতে আমাৰ অতিকৈ আপোন। তেওঁক আমি সদায় সম্পদ হিচাপে ৰাখিব বিচাৰো।’
আঙুৰলতা ডেকাই লগতে কয় যে,‘ ৰাজনীতি পথাৰত কেতিয়া কাৰ কোন শক্ৰ হয় ধৰিব নোৱাৰি। কেইদিনমান আগলৈকে যাৰ লগত থাকি জুবিন গাৰ্গে কা' আন্দোলনত ভাগ লৈছিল, তেনে বহুলোকেই জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ ঘোষণা কৰাৰ পাছত বিৰূপ মন্তব্য কৰি আহিছে। গতিকে মই ভাবো, এই ঘটনাৰ অন্তৰালত কি আছে শীঘ্ৰে প্ৰশাসনে উলিয়াব লাগে।’ এনেধৰণে আক্ৰমণ চেষ্টা চলোৱা ঘটনাৰ লগত জড়িত দোষীক অতিশীঘ্ৰে শাস্তি দিবলৈও প্ৰশাসনক আহ্বান জনালে বিধায়িকা আঙুৰলতা ডেকাই।
জুবিন গাৰ্গৰ দৰে এগৰাকী শিল্পীৰ পৰা অসমৰ ৰাইজে বহু আশা কৰে। সেয়েহে তেওঁক সুস্থ আৰু ভালদৰে ৰখাটো আমাৰ কৰ্তব্য বুলিও বিধায়িকা গৰাকীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে বটদ্ৰৱা সমষ্টিৰ নিজ হাতীচোং গাঁও পঞ্চায়তৰ তিনিটাকৈ গড়কাপ্তানি পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে গাঁও পঞ্চায়তৰ বিভিন্ন উন্নয়নমূলক কামৰ বাবে আৰ্থিক অনুদান আগবঢ়াই সাংবাদিকৰ আগত এই মন্তব্য কৰে বিধায়িকা গৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|