'টিকু তুমি ধৰা দিয়া, সকলো ঠিক হ'ব'- জুবিন গাৰ্গক আক্ৰমণ কৰা পুত্ৰক আত্মসমৰ্পণ কৰিবলৈ মাতৃৰ আহ্বান

বুধবাৰে মাজনিশা গুৱাহাটীৰ ৰাজপথত জুবিন গাৰ্গক আক্ৰমণৰ অপচেষ্টা কেইজনমান উদণ্ড যুৱকৰ। ঘটনাৰ মূল অভিযুক্ত হিৰকজ্যোতি ৰাজবংশী এতিয়াও পলাতক
বুধবাৰে মাজনিশা গুৱাহাটীৰ ৰাজপথত জুবিন গাৰ্গক আক্ৰমণৰ অপচেষ্টা কেইজনমান উদণ্ড যুৱকৰ। ঘটনাৰ মূল অভিযুক্ত হিৰকজ্যোতি ৰাজবংশী এতিয়াও পলাতক
- News18 Assam
- Last Updated: August 14, 2020, 5:30 PM IST

ইফালে এতিয়ালৈ সন্ধান নাই হিৰকজ্যোতি ৰাজবংশী এণ্ড টীমৰ ৷ শুকুৰবাৰে পুনৰ চলিল জুবিনৰ আক্ৰমণকাৰীক বিচাৰি আৰক্ষীৰ অভিযান ৷ ACP হিমাংশু দাসৰ নেতৃত্বত দিছপুৰ আৰক্ষীৰ এটা দলে পুৱাৰে পৰা অভিযান চলাইছে যদিও আত্মগোপনকাৰী হিৰকজ্যোতি সহ ৬জনীয়া দলটোৰ নাই কোনো শুংসূ্ত্ৰ৷

আনহাতে, ছচিয়েল মিডিয়াত ভাইৰেল হৈছে জুবিনক আক্ৰমণ কৰা ঘটনাৰ সন্দৰ্ভত অন্য এটা ভিডিঅ’ ৷ লগে লগে প্ৰশ্ন উত্থাপন হৈছে যে, নৈশ কাৰ্ফিউত চলাচলৰ বাবে জুবিনৰ আছে নে অনুমতিপত্ৰ?
কিন্তু প্ৰশাসনৰ ফালৰ পৰা সান্ধ্য আইনৰ মাজত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত চলাচল কৰাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ অনুমতি আছে বুলি জনোৱা হৈছে। ২ আগষ্টৰ পৰা ১৬ আগষ্টলৈকে সান্ধ্য আইনৰ মাজত চলাচল কৰিবলৈ অনুমতি দিয়া হৈছে জুবিন গাৰ্গক।