স্মাৰ্ট আৰক্ষীৰ বিফলতাৰ বাবেই গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা পৰিল জুবিনক অপদস্থকাৰী

দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ১৪৩/১৮৮/২৬৯/২৭০/৩৪১/২৯৪/৫০০/৫০৬ ধাৰাত জুবিন গাৰ্গৰ এজাহাৰৰ ভিত্তিত ৰুজু হৈছিল গোচৰ৷
দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ১৪৩/১৮৮/২৬৯/২৭০/৩৪১/২৯৪/৫০০/৫০৬ ধাৰাত জুবিন গাৰ্গৰ এজাহাৰৰ ভিত্তিত ৰুজু হৈছিল গোচৰ৷
- News18 Assam
- Last Updated: August 18, 2020, 4:23 PM IST
দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ১৪৩/১৮৮/২৬৯/২৭০/৩৪১/২৯৪/৫০০/৫০৬ ধাৰাত জুবিন গাৰ্গৰ এজাহাৰৰ ভিত্তিত ৰুজু হৈছিল গোচৰ৷ প্ৰতিজন অভিযুক্তই ১০,০০০ টকা বণ্ডৰ বিনিময়ত লাভ কৰিছে জামিন৷ জামিন লাভ কৰিলেও অভিযুক্তকেইজনক ৫ দিনৰ ভিতৰত দিছপুৰ থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে আদালতে।
মহানগৰীৰ স্মাৰ্ট আৰক্ষীয়ে অভিযুক্তৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে বাবেই গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা পৰিল জুবিন অপদস্থকাৰী ৷ আদালত বন্ধ থকাৰ বাবে আত্মগোপন কৰি থকা অভিযুক্ত কেইজনে সোমবাৰে আদালত খোলাৰ লগে লগে আবেদন কৰিছিল জামিনৰ বাবে৷ আৰু সেই আবেদনৰ ভিত্তিতেই ৪ অভিযুক্তৰ জামিন মঞ্জুৰ কৰে আদালতে৷ এতিয়া লক্ষণীয় হ'ব আদালতৰ নিৰ্দেশ পালন কৰি কেতিয়া ৪ অভিযুক্ত হাজিৰ হয় দিছপুৰ আৰক্ষী থানাত৷