ইন্দ্ৰজিত শৰ্মা নামৰ এজন লোকে জুবিন গাৰ্গৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ
ইন্দ্ৰজিত শৰ্মা নামৰ এজন লোকে জুবিন গাৰ্গৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ
ভঙাগড় আৰক্ষী থানাত হাজিৰ জুবিন গাৰ্গ। ভঙাগড় থানাত ইন্দ্ৰজিত শৰ্মা নামৰ এজন লোকে ৰুজু কৰিছিল গোচৰ।যোৱা শুকুৰবাৰে জি এম চি এইচ প্ৰেক্ষাগৃহত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত ব্ৰাহ্মণ সমাজক লৈ বিতৰ্কিত মন্তব্য কৰিছিল জুবিন গাৰ্গে ।যিহেতু ভঙাগড় থানাৰ অন্তৰ্গত জি এম চি এইছ প্ৰেক্ষাগৃহ ,গতিকে আৰক্ষীয়ে জুবিনক ভঙাগড় থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। গোচৰৰ ভিত্তিত ভঙাগড় থানাত হাজিৰ হয় শিল্পীগৰাকী। ভাৰতীয় দণ্ডবিধিৰ 295/295A/296/298/153/153(A) ধাৰাত জুবিন গাৰ্গৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|