এতিয়া লণ্ডনত ব্যস্ত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। তথাপিও যেন যতীন বৰাৰ ছবি ৰত্নাকৰৰ প্ৰতিটো খবৰেই ৰাখিছে জুবিন গাৰ্গে। ৰত্নাকৰৰ সংগীত প্ৰযোজক জুবিন গাৰ্গে আজি ফেচবুক যোগে ৰত্নাকৰ আদৰি লোৱাৰ বাবে অসমৰ ৰাইজক বিশেষ ভাবে ধন্যবাদ জনায়।
আজি জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ সময়তে অসমত ৰত্নাকৰে ভংগ কৰিছে অসমীয়া ছবিৰ ইটোৰ পিছত সিটো অভিলেখ। জুবিন গাৰ্গে নিজৰ ফেচবুক ৱালত মন্তব্য কৰিছে যে, ‘আজি লণ্ডনত কাঞ্চনজংঘা প্ৰদৰ্শন হোৱাৰ সময়তে আমাৰ অন্য এটি শিশু ৰত্নাকৰে অসমত ভংগ কৰিছে অভিলেখ’।
লগতে জুবিন গাৰ্গে অনাগত দুবছৰত অসমত ১০০ টা ছবিগৃহ হোৱাৰো আশা ব্যক্ত কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|