‘পৰৱৰ্তী সময়ত পুনৰ এনে ভুল নকৰোঁ’,অৱশেষত ক্ষমা বিচাৰিলে জুবিন গাৰ্গে

মই ধেমালি কৰিছিলোঃজুবিন

News18-Assam
Updated:July 29, 2019, 10:16 PM IST
‘পৰৱৰ্তী সময়ত পুনৰ এনে ভুল নকৰোঁ’,অৱশেষত ক্ষমা বিচাৰিলে জুবিন গাৰ্গে
মই ধেমালি কৰিছিলোঃজুবিন
News18-Assam
Updated: July 29, 2019, 10:16 PM IST
অৱশেষত ক্ষমা বিচাৰিলে জুবিন গাৰ্গে। 
মই ক্ষমা খুজিছোঁ। বামুণ শব্দটো ক’ব নালাগিছিল। মই অলপ খাই আছিলো। সকলো শিল্পীয়ে খায়, নাম নকওঁ। অশ্লীল ইংগিত দিয়া প্ৰসংগতো সকলোকে ক্ষমা বিচাৰিছোঁ। মই সমাজৰ শ্ৰেণীবিভাজন নিবিচাৰো। তাৰ বিৰোধিতা কৰো। সেইদিনা মোৰ হিন্দী গীত গাব মন নাছিল কাৰণে তেনেকৈ কৈছিলো।কিন্ত এটা কথা যেতিয়া হিন্দী গীত গাব বাধা আৰোপ কৰিছিল তেতিয়া ময়ে হিন্দী গাইছিলো। I am sorry
বুলি কৈ ভঙাগড় থানাৰ পৰা ওলাই যায় জুবিন গাৰ্গ। জুবিনে লগতে কয়,
ভুলবশতঃ মই ব্ৰাহ্মণৰ বিৰুদ্ধে মন্তব্য কৰিছিলোঁ। মই নিজে ব্ৰাহ্মণ যদিও ব্ৰাহ্মণৰ দৰে নাথাকোঁ। ধেমালি কৰোতে মুখৰ পৰা বামুণ শব্দটো ওলাই গ’ল। ব্ৰাহ্মণ শব্দটো মই ক’ব নালাগিছিল। পৰৱৰ্তী সময়ত পুনৰ এনে ভুল নকৰোঁ। মই এখন শ্ৰেণীবিহীন সমাজ বিচাৰো। ভঙাগড় থানাৰ পৰা ওলায়েই এই মন্তব্য জুবিনৰ। উল্লেখযোগ্য যে, নিশা ভঙাগড় থানাত হাজিৰ হৈছিল জুবিন। ইন্দ্ৰজিত শৰ্মা নামৰ এজনে গোচৰ ৰুজু কৰাৰ পিছতে ভঙাগড় থানাত হাজিৰৰ নিৰ্দেশ দিছিল আৰক্ষীয়ে।
ইন্দ্ৰজিত শৰ্মা নামৰ এজন ব্যক্তিয়ে  ভঙাগড় থানাত 295/295A/296/298/153/153(A) ধাৰাত গোচৰ ৰুজু কৰিছিল। কেৱল ভঙাগড় থানাই নহয় ৰাজ্যৰ বিভিন্ন থানাত জুবিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ব্ৰাহ্মণ সমাজে।
আৰু চাওক পৰৱৰ্তী বাতৰি