ইউ এ ইৰ ডুবাই, ছাৰজাহ আৰু আবুধাবিৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলসমূহ।
ইউ এ ইৰ ডুবাই, ছাৰজাহ আৰু আবুধাবিৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলসমূহ।
পুনৰ আৰম্ভ হল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ খেল। কোভিড১৯ৰ দ্বিতীয় ঢৌৰ বাবেই মে’ মাহত চতুৰ্দশ সংস্কৰণ আই পি এল আধাতে সামৰিছিল। তিনি মাহ বিৰতিৰ অন্তত এতিয়া আকৌ আধাৰ পৰাই আৰম্ভ হৈছে জনপ্ৰিয় আই পি এলৰ খেলসমূহ। ইউনাইটেড আৰৱ এমিৰেটছ ( ইউ এ ই)ত পুনৰ আৰম্ভ হৈছে ২০২১ বৰ্ষৰ আই পি এলৰ খেল। ইউ এ ইৰ ডুবাই, ছাৰজাহ আৰু আবুধাবিৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলসমূহ।
২০২১ চনৰ আই পি এলৰ দ্বিতীয় পৰ্যায়ৰ লীগৰ সময়তে ৰাজস্থান ৰয়েলছৰ পিংক ৰঙৰ টি–ছাৰ্ট পিন্ধি দলৰ লগতে দলটোত থকা অসমৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগক উৎসাহিত কৰিছে মাুল মেনিয়া মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাই। বিশিষ্ট শৰীৰচৰ্চাবিদ গৰাকীৰ উপৰি, যুৱ প্ৰজম্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও ৰাজস্থান লয়েলছৰ টি–ছাৰ্ট পিন্ধি দলটোৰ লগতে ৰিয়ান পৰাগক সমৰ্থন জনায়। ৰাজস্থান ৰয়েলছ দলে পৰৱৰ্তী খেল সমুহত দিল্লী কেপিটেল, ছানৰাইজাৰ্চ হাইদৰাবাদ, ৰয়েল চেলেঞ্জ বেংগালৰু, চেন্নাই ছুপাৰ কিংছ, মুম্বাই ইন্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্চৰ বিৰুদ্ধে অংশ লব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন ১৫ অক্টোবৰত অনুষ্ঠিত হব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|