মুখ্যপৃষ্ঠা »খবৰ »অসম »ভগৱানৰ এনে বিচাৰ কিয়? অভিনেতা কিশোৰৰ মৃত্যুত শোকত ভাগি পৰিল জুবিন গাৰ্গ-যতীন বৰা

ভগৱানৰ এনে বিচাৰ কিয়? অভিনেতা কিশোৰৰ মৃত্যুত শোকত ভাগি পৰিল জুবিন গাৰ্গ-যতীন বৰা

অভিনেতা কিশোৰ দাসৰ মৃত্যুৰ খবৰ লাভ কৰি এতিয়া শোকত ভাগি পৰিছে অসমীয়া চলচিত্ৰজগতৰ প্ৰায় প্ৰতিগৰাকী অভিনেতা কলা-কৌশলী।

অভিনেতা কিশোৰ দাসৰ মৃত্যুৰ খবৰ লাভ কৰি এতিয়া শোকত ভাগি পৰিছে অসমীয়া চলচিত্ৰজগতৰ প্ৰায় প্ৰতিগৰাকী অভিনেতা কলা-কৌশলী।

অভিনেতা কিশোৰ দাসৰ মৃত্যুৰ খবৰ লাভ কৰি এতিয়া শোকত ভাগি পৰিছে অসমীয়া চলচিত্ৰজগতৰ প্ৰায় প্ৰতিগৰাকী অভিনেতা কলা-কৌশলী।

  • Share this:
প্ৰতিভাৱান অভিনেতা কিশোৰ দাসৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগত ম্ৰিয়মাণ। বহুকেইটা জনপ্ৰিয় গীতত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰা অভিনেতাগৰাকীয়ে অসমীয়া ধাৰাবাহিকৰ লগতে কথাছবিতো অভিনয় কৰিছিল।

অভিনেতা কিশোৰ দাসৰ মৃত্যুৰ খবৰ লাভ কৰি এতিয়া শোকত ভাগি পৰিছে অসমীয়া চলচিত্ৰজগতৰ প্ৰায় প্ৰতিগৰাকী অভিনেতা কলা-কৌশলী। অভিনেতা যতীন বৰাই কয় যে, 'এয়া ভগৱানৰ কেনে বিচাৰ। কিশোৰ অত্যন্ত প্ৰতিভাশালী আছিল। ইমান কম বয়সতে সি আঁতৰি গুচি গল। মোক নিজৰ ভাতৃৰ দৰে জ্ঞান কৰিছিল কিশোৰে। তাৰ হেঁপাহ আছিল, বহু কাম কৰাৰ। কিন্তু ভগৱানে তাক নিজৰ ওচৰলৈ লৈ গুচি গ'ল।'

ইফালে জুবিন গাৰ্গে কয় যে, 'তাৰ অভাৱ সদায়েই অনুভৱ কৰিম। এজন প্ৰতিভাৱান অভিনেতা আমাৰ মাজৰ পৰা আঁতৰি গ'ল। মুম্বাই যোৱাৰ পূৰ্বে কথা পাতিছিলো। উঠি অহা এজন ভাল অভিনেতা আছিল। আমি তাক সুস্থ কৰি তুলিবলৈ সকলোৱে চেষ্টা কৰিছিলো। কিন্তু ট্ৰিটমেণ্ট নথকা এটা অসুখ। এতিয়া তাৰ মৃত্যু আমি মানি লব লাগিব।'

চেন্নাইলৈ যোৱাৰ পূৰ্বে কিশোৰ দাস আছিল সম্পূৰ্ণ আশাবাদী। হাঁহি হাঁহি তেওঁ কৈছিল তেওঁৰ চেন্নাই গমনৰ কথা আৰু তেওঁৰ আশাৰ কথা। সংবাদ মাধ্যমৰ ফালৰ পৰা তেওঁক সোধা হৈছিল তেওঁ কেনে পাইছে? হাঁহিৰে স্পষ্টভাৱে উত্তৰ দিছিল দাসে- ''আগতকৈ কেনেকুৱা পাইছে সেইটো কওকচোন আপোনালোকে? মইতো বহুত ভাল পাইছোঁ। কাৰণ খোজ কাঢ়িব পৰা নাছিলোঁ। খাব পৰা নাছিলোঁ। এতিয়া সকলোখিনি কৰিব পৰা হৈছোঁ। খাব পাৰিছোঁ আপোনালোকৰ আশীৰ্বাদত, অসমৰ শিল্পী, চৰকাৰৰ আশীৰ্বাদত।'' দাসে নিজৰ বন্ধু-বৰ্গ, গাঁওবাসী তথা ৰাইজৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছিল তেওঁলৈ দেখুওৱা সহায়-সমৰ্থনৰ বাবে।

শেহতীয়া বাতৰি