থলগিৰি আৰু বৃন্দাবন মাৰ্টৰ জৰিয়তেও স্থানীয় শিল্পী আৰু যুৱক–যুৱতীক স্বনিৰ্ভৰশীল কৰিব পাৰিব বুলি আশাবাদী জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।
থলগিৰি আৰু বৃন্দাবন মাৰ্টৰ জৰিয়তেও স্থানীয় শিল্পী আৰু যুৱক–যুৱতীক স্বনিৰ্ভৰশীল কৰিব পাৰিব বুলি আশাবাদী জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।
কৃষি আন্দোলনৰ জৰিয়তে নৱেম্বৰৰ পৰা অসমৰ ৰাইজৰ মাজলৈ যাব যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ। ৰাজ্য চৰকাৰৰ অধীনৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে "পথাৰো আমাৰ বজাৰো আমাৰ" আঁচনিত জড়িত হ’ল জুবিন গাৰ্গ। মঙলবাৰে পশুধন আৰু হাহ কুকুৰা নিমগৰ অধীনৰ বিভিন্ন আঁচনি পৰ্যবেক্ষণ কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। অসমৰ বজাৰ অসমীয়াৰ দখলত ৰখাৰ পণ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ।
থলগিৰি আৰু বৃন্দাবন মাৰ্টৰ জৰিয়তেও স্থানীয় শিল্পী আৰু যুৱক–যুৱতীক স্বনিৰ্ভৰশীল কৰিব পাৰিব বুলি আশাবাদী জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। শিক্ষা আন্দোলন, সংস্কৃতি আন্দোলন আৰু কৃষি আন্দোলনৰ পোষকতা কৰিছে জুবিন গাৰ্গে। পথাৰৰ পৰা বজাৰলৈ মধ্যভোগী অবিহনে পোনপটীয়াকৈ কৃষি আন্দোলন কৰাৰ মন জুবিন গাৰ্গৰ।
মঙলবাৰে সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়ত জুবিন–গৰিমাৰ সৈতে উপস্থিত আছিল পশুধন আৰু হাহ কুকুৰা নিমগৰ অধ্যক্ষ মনোজ শইকীয়া। চৰকাৰী আঁচনিত জুবিনক জড়িত কৰিবলৈ পাই সুখী অনুভৱ কৰিছে অধ্যক্ষ মনোজ শইকীয়াই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|