বুধবাৰে নিশা প্ৰায় ১২.৪০ বজাত কাহিলীপাৰাৰ ভগদত্তপুৰৰ এপাৰ্টমেণ্টলৈ গৈ থকা অৱস্থাতে গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছিল সেই ঘটনাটো ৷ হাতত বিয়েৰৰ বটল লৈ NSUI নেতা হিৰকজ্যোতি ৰাজবংশী সহ ৬ উদণ্ড যুৱকে জুবিনক অভব্য আচৰণ কৰিছিল ৷ জুবিনৰ সহযোগী জয়ন্ত কাকতিয়ে ইতিমধ্যে এই আক্ৰমণৰ চাক্ষুষ বিৱৰণ দিছে।

গাড়ীৰ সৈতে হিৰকজ্যোতি
৬জনীয়া দুৰ্বৃত্তৰ দলে বাট ভেটি ধৰিছিল জুবিনক। AS 01BY 0675 নম্বৰৰ এখন বগা ৰঙৰ মাৰুতি চিয়াজ বাহনত আহিছিল NSUI কামৰূপ মহানগৰৰ উপসভাপতি হিৰকজ্যোতি ৰাজবংশীৰ সৈতে মুঠ ৬ জন। নিশা ১২.৪০ বজাত ব্লু মুন গেষ্ট হাউচৰ সন্মুখত হৈছিল ঘটনাটো। জুবিনক আগভেটি ধৰি অশ্লীল শব্দৰে গালি–গালাজ কৰে দুৰ্বৃত্তকেইটাই। জুবিনে বুজাবলৈ চেষ্টা কৰাত অধিক আগ্ৰাসী হৈ পৰে দলটো। ঘটনাৰ সময়ত জুবিনৰ সৈতে আছিল গাড়ী চালকজনৰ লগতে চৰকাৰে নিয়োগ কৰা দুজন পি এছ অ’। এই ঘটনাৰ পিছতে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে জুবিনে।

জুবিনৰ এজাহাৰৰ পিছতে বৃহস্পতিবাৰে পুৱাৰে পৰা আৰক্ষীয়ে আৰম্ভ কৰে অভিযান ৷ কিন্তু ইতিমধ্যে ঘৰৰ পৰা পলায়ন কৰে NSUI কামৰূপ মহানগৰৰ উপ-সভাপতি হিৰকজ্যোতি ৰাজবংশী সহ আটাইবোৰ ৷ হিৰকজ্যোতিক নাপায় আৰক্ষীয়ে আটক কৰে হিৰকৰ ককায়েকক ৷ জুবিনক অপদস্থ কৰা দলটোৰ বাকীবোৰক বিচাৰি আৰক্ষীয়ে চলাই আছে অভিযান ৷
জুবিন গাৰ্গক আক্ৰমণ কৰা হিৰকজ্যোতি ৰাজবংশী ইয়াৰ পূৰ্বেও সাঙোৰ খাইছিল বহু বিতৰ্কত ৷ আনকি ২০১৭ চনত সাংবাদিককো আক্ৰমণ কৰিছিল হিৰকজ্যোতিয়ে ৷ এতিয়া পুনৰ জুবিন গাৰ্গক আক্ৰমণ কৰি পলাতক হৈ আছে হিৰক এণ্ড টীম ৷
জুবিন গাৰ্গক নিশা কৰা আক্ৰমণৰ ঘটনাই মনত আঘাত দিছে সকলোকে ৷ লগে লগে জুবিনৰ নিৰাপত্তাক লৈও উঠিছে প্ৰশ্ন ৷ ২গৰাকীকৈ PSO থকাৰ পিছতো কেনেকৈ জুবিনক আক্ৰমণ কৰিবলৈ উদ্যত হ'ব পাৰে NSUIৰ কামৰূপ মহানগৰৰ উপ-সভাপতি হিৰকজ্যোতি ৰাজবংশীসহ ৬ উদণ্ড যুৱকে? এই ঘটনাক সহজভাৱে ল'ব পৰা নাই জুবিনৰ সহযোগী আৰু অনুগামীসকলে ৷ বিশেষকৈ শাসকীয়া দলটো সৰৱ হৈছে জুবিনৰ আক্ৰমণক লৈ, বটদ্ৰৱাৰ বিধায়িকা তথা অভিনেত্ৰী আঙুৰলতা ডেকাই অসমৰ সম্পদ আখ্যা দি জুবিনক আক্ৰমণ কৰা কাৰ্যক নিন্দা কৰে। হোজাইৰ বিধায়ক শিলাদিত্য আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই জুবিনৰ ওপৰত আক্ৰমণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কা’ বিৰোধিতা কৰা একাংশই জুবিনৰ কান্ধত বন্দুক থৈ সুবিধা ল’ব খোজাৰ দাবীৰে আক্ৰমণ কৰে।
জুবিনক কৰা এই আক্ৰমণৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ নৱ-নিযুক্ত অন্যতম সম্পাদক কৃষ্ণমনি চুতীয়াই ৷ জুবিনৰ ওপৰত আক্ৰমণ অসমীয়া জাতিৰ ওপৰত আক্ৰমণ আখ্যা কৃষ্ণমনি চুতিয়াৰ। জুবিনক NSUIৰ উদণ্ড নেতাই কৰা আক্ৰমণৰ ঘটনাক গৰিহণা বিজেপি যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মনৰো ৷
ইপিনে, জুবিনক NSUIৰ নেতাই কৰা আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য, দলৰ মজিয়াত আলোচনা হ'ব বিষয়টো ৷
FIRST PUBLISHED : August 13, 2020, 08:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|