মই পলিটিক্সত নাযাওঁ৷ মই বিজেপিও নহওঁ, কংগ্ৰেছো নহওঁ, এজিপিও নহওঁ৷ নতুন পাৰ্টী হ’লেও মই সেইটোত নাই, প্ৰয়োজনত সমৰ্থন কৰিম৷ মই সদায় জুবিন গাৰ্গ হৈ থাকিম। – জুবিন
মই পলিটিক্সত নাযাওঁ৷ মই বিজেপিও নহওঁ, কংগ্ৰেছো নহওঁ, এজিপিও নহওঁ৷ নতুন পাৰ্টী হ’লেও মই সেইটোত নাই, প্ৰয়োজনত সমৰ্থন কৰিম৷ মই সদায় জুবিন গাৰ্গ হৈ থাকিম। – জুবিন
নাগৰিকত্ব সংশোধনী আইনক লৈ নিজৰ স্থিতিত অটল জুবিন গাৰ্গ। প্ৰতিখন মঞ্চ, জনসভাতে জুবিনে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে মাত মাতি আহিছে। শনিবাৰে নিশা বৰপেটাৰ বহৰিত এক অনুষ্ঠানতো এই আইনখনৰ বিৰোধিতা কৰে জুবিনে।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি জুবিনে কয় – এইকেইদিন যে টক শ্ব’ হৈছে, মই নাযাওঁ, মই মানুহৰ লগত ষ্ট্ৰেইট কথা পাতো। মন্ত্ৰী–এমএলএসকলেও পাতে, কেৱল তেওঁলোকে মিছা কথা কয়। বিজেপিক ফালিম, ষ্টেজখনেই মোৰ অস্ত্ৰ৷
নতুন ৰাজনৈতিক দল সন্দৰ্ভত জুবিনে কয় – ৰাজনৈতিক দলৰ কথাটো যে ওলাই আছে, সেইটো পিছৰ কথা৷ গঠন হ’বও পাৰে নহ’বও পাৰে৷ আমি খং–ক্ষোভত কেতিয়াবা কৈছো৷ মই কৈছো, দীপাংকই কৈছে লুৰিণে কৈছে৷ সমুজ্জ্বল দাই এতিয়াও কোৱা নাই৷ মই পলিটিক্সত নাযাওঁ৷ মই বিজেপিও নহওঁ, কংগ্ৰেছো নহওঁ, এজিপিও নহওঁ৷ নতুন পাৰ্টী হ’লেও মই সেইটোত নাই, প্ৰয়োজনত সমৰ্থন কৰিম৷ মই সদায় জুবিন গাৰ্গ হৈ থাকিম।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|