"মই নাগৰিকত্ব সংশোধনী আইন চমুকৈ "কা" কেতিয়াও নামানো, ‘কা’ৰ প্ৰসংগ আহিলেই মই পুনৰ বিৰোধিতা কৰিম" – এই মন্তব্য যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ। শেহতীয়াকৈ আছুৰ উদ্যোগত গঠন হ’বলগীয়া ৰাজনৈতিক দল সম্পৰ্কতো জুবিন গাৰ্গৰ স্পষ্ট মত – তেওঁ ৰাইজৰ লগত আছে কিন্তু সক্ৰিয় ৰাজনীতি নকৰে।
ৰাইজৰ শিল্পী হিচাপে ৰাইজৰ মাজত থাকিব বিচৰা জুবিন গাৰ্গে শেহতীয়াকৈ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ সতীৰ্থসকলৰ সৈতে লগ হৈ অসমৰ কৃষি ক্ষেত্ৰত অসমীয়াৰ স্বনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিছে। এই উদ্দেশ্যে জুবিন গাৰ্গে মঙলবাৰে পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ সৈতে বিভাগটোৰ কাম–কাজ পৰ্যবেক্ষণ কৰে।
জুবিনৰ মত – অসমীয়া যুৱক–যুৱতীয়ে শিক্ষা আন্দোলন, সাংস্কৃতিক আন্দোলন আৰু কৃষি আন্দোলনৰ ওপৰতো গুৰুত্ব দিব লাগিব। পথাৰৰ পৰা বজাৰলৈ মধ্যভোগী অবিহনে পোনপটীয়াকৈ কৃষি আন্দোলন কৰাৰ মন জুবিন গাৰ্গৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|