অজয় ফুকনৰ কোনো অনুষ্ঠানত যাব নালাগে ৰাইজঃ জুবিন গাৰ্গ
অজয় ফুকনৰ কোনো অনুষ্ঠানত যাব নালাগে ৰাইজঃ জুবিন গাৰ্গ
কা’ বিৰোধী আন্দোলনৰ ভৰপক সময়ৰ মাজতে জুবিন গাৰ্গৰ প্ৰচণ্ড খং। বহুতেই জুবিন গাৰ্গৰ ‘ঢেমাধৰা’ আখ্যা দিয়া মুখাধাৰী শিল্পী অজয় ফুকনৰ ওপৰত চূড়ান্ত খৰ্গহস্ত জুবিন গাৰ্গ। শনিবাৰে ফেচবুকত অজয় ফুকনক তীব্ৰ সমালোচনা কৰাৰ পিছত এইবাৰ হাজোত অজয় ফুকনৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে জুবিন গাৰ্গ।
জুবিন গাৰ্গে কয় যে, ‘ অজয় ফুকন কোন? অজয় ফুকন শিল্পী সমাজৰ একো নহয়। ৰাইজৰ আগত শিল্পী সমাজৰ সভাপতি বুলি কৈ ফুৰিছে অজয়ে। মই ভাল পোৱা নাই তাৰ কথা এনেকৈ নহ’ব। অজয় ফুকনৰ কোনো অনুষ্ঠানত যাব নালাগে ৰাইজ। শিল্পী সমাজক আমি দি আছোঁ নেতৃত্ব, অজয় ফুকন কোন?’
সময়ে সময়ে বিভিন্ন বিতৰ্কিত কৰ্মকাণ্ড কৰি অহা শিল্পীৰ মুখাধাৰী অজয় ফুকনক জুবিন গাৰ্গে তুলা–ধুনা দিয়াৰ পিছত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|