உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জুইৰে প্ৰতিচ্ছবি অংকন কৰি জুবিনক জন্মদিনৰ শুভেচ্ছা জনালে চিত্ৰশিল্পী নিৰ্জুৰাজ দাসে

    জুইৰে প্ৰতিচ্ছবি অংকন কৰি জুবিনক জন্মদিনৰ শুভেচ্ছা জনালে চিত্ৰশিল্পী নিৰ্জুৰাজ দাসে

    সৰুতেই পিতৃ-মাতৃ হাৰা নিৰ্জু ৰাজ দাসক তুলি–তালি ডাঙৰ দীঘল কৰিছে মাহীয়েকে৷

    সৰুতেই পিতৃ-মাতৃ হাৰা নিৰ্জু ৰাজ দাসক তুলি–তালি ডাঙৰ দীঘল কৰিছে মাহীয়েকে৷

    সৰুতেই পিতৃ-মাতৃ হাৰা নিৰ্জু ৰাজ দাসক তুলি–তালি ডাঙৰ দীঘল কৰিছে মাহীয়েকে৷

    • Share this:
    সত্ৰনগৰী বৰপেটাৰ এগৰাকী প্ৰতিভাধৰ চিত্ৰশিল্পী, নাম নিৰ্জু ৰাজ দাস৷ নিৰ্জু ৰাজ দাসে শৈশৱ–কৈশোৰ পাৰ কৰিছে অসহনীয় দুখ আৰু দাৰিদ্ৰপিষ্ট জীৱনৰ সৈতে৷ আজি অসমীয়াৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন৷ আৰু জুবিনৰ ওপজা দিনত উপহাৰ হিচাবে চিত্ৰশিল্পী নিৰ্জু ৰাজ দাসে জুইৰে অংকন কৰিলে জুবিন গাৰ্গৰ চিত্ৰ৷

    সৰুতেই পিতৃ-মাতৃ হাৰা নিৰ্জু ৰাজ দাসক তুলি–তালি ডাঙৰ দীঘল কৰিছে মাহীয়েকে৷ আৰু মোমায়েক ভাষ্কৰ্য শিল্পী সত্যবান দাসৰ তত্বাৱধানতে শিল্পৰ জগতত খোজ পেলাইছিল নিৰ্জু ৰাজে৷ নিৰ্জু ৰাজে জীৱনৰ ৯ বছৰ বয়সৰ পৰাই খোজ পেলাইছিল শিল্পৰ পৃথিৱীত৷ বিভিন্ন ৰঙৰ ব্যৱহাৰেৰে চিত্ৰ অংকনত ব্যস্ত নিৰ্জু ৰাজ সম্প্ৰতি ব্যস্ত জুইৰে চিত্ৰ অংকনত৷

    লকডাউনৰ সময়ত ঘৰতে আবদ্ধ নিৰ্জু ৰাজে কিবা এটা নতুন কৰাৰ ইচ্ছাৰে জুইৰে চিত্ৰ আঁকিবলৈ লয় ৷ আৰু কেইটামান দিনৰ ভিতৰতে শিল্পীগৰাকীয়ে জুইৰে চিত্ৰ অংকনত অভ্যস্ত হৈ পৰে৷ শিল্পীগৰাকীয়ে জুইৰে অংকন কৰা চিত্ৰ অসম বুক অফ ৰেকৰ্ডছ আৰু বেংগল বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে৷
    Published by:Sanjay Kumar Das
    First published: