உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আহি পালে জুবিন, নিশা উপস্থিত হ’ল সৰুসজাইত, ক’ত থাকিব কোৱাৰেণ্টাইনত?

    আহি পালে জুবিন, নিশা উপস্থিত হ’ল সৰুসজাইত, ক’ত থাকিব কোৱাৰেণ্টাইনত?

    মুম্বাইৰ পৰা উভতি অহাৰ ক্ষেত্ৰত কৰা সহায়ৰ বাবেও ৰাজ্য চৰকাৰক ধন্যবাদ জনালে জুবিনে।

    মুম্বাইৰ পৰা উভতি অহাৰ ক্ষেত্ৰত কৰা সহায়ৰ বাবেও ৰাজ্য চৰকাৰক ধন্যবাদ জনালে জুবিনে।

    মুম্বাইৰ পৰা উভতি অহাৰ ক্ষেত্ৰত কৰা সহায়ৰ বাবেও ৰাজ্য চৰকাৰক ধন্যবাদ জনালে জুবিনে।

    • Share this:
    মুম্বাইৰ পৰা আহি যোৱানিশা গুৱাহাটীত উপস্থিত হয় জুবিন গাৰ্গ। বাছযোগে মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত হ’ল জুবিনৰ লগতে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু দুই সহযোগী। ৮ মে’ত মুম্বাইৰ পৰা বাছেৰে যাত্ৰা আৰম্ভ কৰিছিল জুবিনে। গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে জুবিন, গৰিমা আৰু দুই বন্ধুৱে স্ক্ৰীণিঙৰ বাবে উপস্থিত হয় সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেণ্টাইন চেণ্টাৰত। জুবিনে কয় – মই এতিয়া কোৱাৰেণ্টাইনত থাকিম, সকলো নিয়ম পালন কৰিম।

    সৰুসজাইত স্ক্ৰীণিঙৰ পিছত জুবিন, গৰিমা আৰু দুই বন্ধু উপস্থিত হয় হোটেল ৰেডিচন ব্লুত। হোটেল ৰেডিচন ব্লুত কোৱাৰেণ্টাইনত থাকিব জুবিন গাৰ্গ, গৰিমা আৰু জুবিনৰ দুই বন্ধু।



    অসমৰ স্বাস্থ্য বিভাগক প্ৰশংসা কৰি জুবিনে কয় – ‘আন ৰাজ্যৰ তুলনাত অসম চৰকাৰে বহু ভাল কাম কৰিছে। মই বিশেষভাৱে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছো।’



    মুম্বাইৰ পৰা উভতি অহাৰ ক্ষেত্ৰত কৰা সহায়ৰ বাবেও ৰাজ্য চৰকাৰক ধন্যবাদ জনালে জুবিনে। উল্লেখযোগ্য যে নেমকেয়াৰ হাস্পতালৰ পৰা ওলোৱাৰ পিছতে ৮ মাৰ্চত মুম্বাইলৈ গৈছিল জুবিন। জুবিন অসমলৈ উভতি অহাক লৈ উৎসাহিত জুবিন অনুৰাগীসকল।
    First published: