পুৱতি নিশা নীলপৱন বৰুৱাই পদূলিত উপস্থিত হ’ল পত্নীসহ জুবিন গাৰ্গ
পুৱতি নিশা নীলপৱন বৰুৱাই পদূলিত উপস্থিত হ’ল পত্নীসহ জুবিন গাৰ্গ
দুই প্ৰজন্মৰ দুগৰাকী শিল্পী। এগৰাকীয়ে ৰং তুলিকাৰে তুলি ধৰে শিল্প, আনগৰাকীয়ে সুৰেৰে। দীৰ্ঘদিনৰ মূৰত একেলগে বহু সময় পাৰ কৰিলে চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গে।
দীপালী বৰঠাকুৰ পৰলোকগামী হোৱাৰ পিছৰে পৰা এতিয়া অসুস্থ শৰীৰেৰে অকলশৰে দিন পাৰ কৰিছে নীলপৱন বৰুৱাই। ইফালে কিছু শাৰীৰিক অসুস্থাৰ পিছত এতিয়া আকৌ আগৰ দৰে উজ্জীৱিত হৈ পৰিছে জুবিন গাৰ্গ। হাত দিছে নতুন নতুন সৃষ্টিত।
কেইদিনমানৰ পূৰ্বে পুৱা ৫ বজাতে নীলপৱন বৰুৱাৰ বেলতলাস্থিত বাসগৃহত উপস্থিত হয় গৈ জুবিন গাৰ্গ। কিন্তু কোৰোণাৰ সংক্ৰমণৰ শংকাৰ কথা পত্নী গৰিমা গাৰ্গে সোঁৱৰাই দিয়াত শিল্পী নীলপৱন বৰুৱাৰ পদূলি মুখৰ পৰাই আঁতৰি আহে জুবিন।
কিন্তু এই খবৰ পৰিল নীলপৱন বৰুৱাৰ কাণত। দুৱাৰমুখৰ পৰা উভতি যোৱা জুবিনক লগ পাবলৈ ব্যাকুল হৈ পৰিল নীলপৱন বৰুৱা। মাতি পঠিয়ালে জুবিন গাৰ্গক। পিতৃতুল্য শিল্পীগৰাকীয়ে লগ পাব বিচৰাত পত্নী গৰিমাৰ সৈতে সেইদিনাই বিয়লি ভাগত নীলপৱন বৰুৱাৰ বাসগৃহত উপস্থিত হ’ল জুবিন গাৰ্গ।
বহুদিনৰ মূৰত লগ পাই দুয়ো পাতিলে দীঘলীয়াকৈ কথা-বতৰা। কথাৰ মাজত ওলাল, ছবিৰ কথা, গীতৰ কথা, ভাষাৰ কথা আনকি জাতিৰ কথাও।
জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গক নিজৰ পুত্ৰ-বোৰাৰীৰ দৰেই মৰম কৰে নীলপৱন বৰুৱাই। দীপালী বৰঠাকুৰৰ অনুপস্থিতি জুবিনক লগ পাই বহুদিনৰ মূৰত মনত কিছু আনন্দ পোৱা দেখিবলৈ পোৱা গ’ল নীলপৱন বৰুৱাক। আলমাৰিৰ পৰা উলিয়াই জুবিন আৰু গৰিমাক দুখন গামোচাও যাঁচিলে বয়োজ্যেষ্ঠ শিল্পীগৰাকীয়ে। এতিয়া পিতৃতুল্য শিল্পীগৰাকীয়ে হেঁপাহেৰে দিয়া গামোচাখন আদৰেৰে ৰাখিছে জুবিন আৰু গৰিমাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|