সক্ৰিয় ৰাজনীতিত অভিনেত্ৰী জেৰিফা ৱাহিদ, ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিব নেকি জেৰিফাই?

News18 Assam | News18-Assam
Updated:October 29, 2020, 11:09 AM IST
সক্ৰিয় ৰাজনীতিত অভিনেত্ৰী জেৰিফা ৱাহিদ, ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিব নেকি জেৰিফাই?
"ৰাজনীতি লগত জড়িত থাকিলেও মই অভিনয়ৰ লগতো জড়িত থাকিম। কেইবাটাও পৰিকল্পনা আছে মোৰ।" – ক’লে জেৰিফাই।

"ৰাজনীতি লগত জড়িত থাকিলেও মই অভিনয়ৰ লগতো জড়িত থাকিম। কেইবাটাও পৰিকল্পনা আছে মোৰ।" – ক’লে জেৰিফাই।

  • Share this:
ৰাইজৰ ব্যাপক সঁহাৰিৰে মঙলদৈ য়ুথ ক্লাবত নৱগঠিত ৰাইজৰ দলৰ দৰং জিলাৰ চাৰিওটা বিধানসভা সমষ্টিৰ আহ্বায়ক সমিতি গঠন কৰা হয়। ৰাইজৰ দলৰ ৰাজ্যিক নেতৃবৃন্দক মঙলদৈ চহৰত প্ৰৱেশ কৰাৰ মুহূৰ্তত শোভাযাত্ৰা কৰি আদৰি অনাৰ পিছত মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ জামালুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হয় ৰাজহুৱা সভা। আৰু ৰাইজৰ দলৰ ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত দৰং জিলাৰ মঙলদৈ, ছিপাঝাৰ, দলগাঁও, কলাইগাঁৱৰ ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন কৰা হয়।

ৰাজ্যিক আহ্বায়ক অলক নাথে উদ্দেশ্য ব্যাখ্যা কৰা এই সভাত বিশিষ্ট অধিবক্তা অৰূপ বৰবৰাই কয়, ‘'অসম জাতীয় পৰিষদ (এজেপি) আৰু ৰাইজৰ দলৰ লক্ষ্য, উদ্দেশ্য একেই। এই দুয়োটা দলেই বিচাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰা আৰ এছ এছ, বিজেপি আৰু অগপক ওফৰাই, দুৰ্নীতি–ভ্ৰষ্টাচাৰৰ নায়ক কংগ্ৰেছ-এ আই ইউ ডি এফক প্ৰতিহত কৰি অসমত আপোচবিহীন সন্মিলিত আঞ্চলিকতাবাদী সত্ত্বা পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব।

ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক অভিনেত্ৰী জেৰিফা ৱাহিদো উপস্থিত থাকে মঙলদৈত আহ্বায়ক সমিতি গঠন অনুষ্ঠানত। NEWS18 সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত অভিনেত্ৰী জেৰিফা ৱাহিদে কিয় ৰাইজৰ দলত যোগদান কৰিলে বুলি সোধাৰ প্ৰশ্নৰ উত্তৰত কয় – "দিল্লীয়ে সদায় আমাক মাহীআইৰ দৃষ্টিৰে চাই আছে যাৰ কাৰণে আঞ্চলিকতাবাদত মই যোগদান কৰিছো। আৰু আঞ্চলিকতাবাদ শক্তিশালী কৰিবলৈ সকলো একগোট হ’ব লাগিব। মই ৰাইজৰ দলৰ লগত আগৰে পৰা জড়িত হৈ আছো। অসম আন্দোলনৰ পিছত যি আশা কৰিছিল ৰাইজে সেই আশা পূৰণ নহ’ল। আঞ্চলিকতাবাদী বুলি কোৱা অগপক এতিয়া বিশ্বাস নকৰে ৰাইজে। সকলো আঞ্চলিকতাবাদী দল একলগ হওক। সফল–বিফল সেয়া এতিয়াই ক’ব নোৱাৰি। আঞ্চলিকতাবাদৰ এইয়া আৰম্ভণিহে।"

নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ কোন সমষ্টি ঠিক কৰিছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অভিনেত্ৰী গৰাকীয়ে কয় – "এই মুহূৰ্তত মোৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্য নাই। সেইটো ভাবি ৰাইজৰ দলত অহা নাই। মই এতিয়া প্ৰতিখন জিলাত আহ্বায়ক সমিতি গঠন কৰাৰ সময়ত লগত থকাই প্ৰধান কাম।"

মিঞা মিউজিয়াম প্ৰসংগক লৈ অভিনেত্ৰীগৰাকীয়ে কয়, "একাংশই বিতৰ্ক কৰি হ’লেও বাতৰিৰ শিৰোনামত থকাটো বিচাৰে। একাংশৰ বিতৰ্ক সৃষ্টি কৰাটো অভ্যাস হৈ গৈছে।  এইয়া ৰাজনৈতিক ষড়যন্ত্ৰ। এই মিঞা মিউজিয়ামৰ বিষয়টো সমৰ্থন কৰাটো দূৰৰে কথা  এই বিষয়টো আলোচনা মাজলৈ অনাৰ প্ৰয়োজন নাই।"

"ৰাজনীতি লগত জড়িত থাকিলেও মই অভিনয়ৰ লগতো জড়িত থাকিম। কেইবাটাও পৰিকল্পনা আছে মোৰ। আৰু ছবি জগতখনৰ জৰিয়তে মই সমাজখনক বৰঙণি দিব বিচাৰিছো। মোৰ পৰিচয় সদায় অভিনেত্ৰী হিচাপেও থাকিব।" – ক’লে জেৰিফাই।

"আমি অভিনেতা–অভিনেত্ৰী হ’লো বুলিয়ে, আমাৰ অভিনয় চাই ভাল পায় বুলিয়েই বা আমাৰ জনপ্ৰিয়তা আছে বুলিয়েই কোনো এটা দল জয়ী নহয়। দলৰ অৰ্থাৎ আমাৰ আদৰ্শবোৰ ঠিক হ’ব লাগিব। আৰু সেই আদৰ্শবোৰ প্ৰচাৰ কৰিব লাগিব। তেতিয়াহে আগবাঢ়ি যাব দল।" – মন্তব্য অভিনেত্ৰী জেৰিফা ৱাহিদৰ।
Published by: Sanjay Kumar Das
First published: October 29, 2020, 11:09 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading