মুখ্যপৃষ্ঠা »খবৰ »অসম »‘শিলাদিত্য দেৱ বিপজ্জনক, NRC প্ৰকাশৰ পূৰ্বে শিলাদিত্যক গৃহবন্দী কৰক’

‘শিলাদিত্য দেৱ বিপজ্জনক, NRC প্ৰকাশৰ পূৰ্বে শিলাদিত্যক গৃহবন্দী কৰক’

শিলাদিত্য দেৱক সংঘৰ্ষ লগাই নেতা হব বিচৰা আৰু বিচাৰ বিবেচনাহীন নেতা বুলি অভিহিত  কংগ্ৰেছ বিধায়কৰ

শিলাদিত্য দেৱক সংঘৰ্ষ লগাই নেতা হব বিচৰা আৰু বিচাৰ বিবেচনাহীন নেতা বুলি অভিহিত কংগ্ৰেছ বিধায়কৰ

শিলাদিত্য দেৱক সংঘৰ্ষ লগাই নেতা হব বিচৰা আৰু বিচাৰ বিবেচনাহীন নেতা বুলি অভিহিত কংগ্ৰেছ বিধায়কৰ

  • Share this:
    ৩১ আগষ্টত প্ৰকাশ পাব অসমীয়া খিলঞ্জীয়াৰ ৰক্ষা কৱচ বুলি অভিহিত কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। কিন্ত NRC প্ৰকাশৰ পূৰ্বে ৰাজ্যত শান্তি শৃংখলা অটুট ৰখাৰ স্বাৰ্থত গৃহবন্দী কৰিব লাগে হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱক। কাৰণ শিলাদিত্য অত্যন্ত বিপদ জনক। শিলাদিত্য দেবৰ দৰে নেতাক নাকী লগাব পাৰিলে ৰাজ্যত  হেজাৰ হেজাৰ আৰ্মীৰ প্ৰয়োজন নহ’ব।

    এনেদৰে মুছলমানৰ বিৰুদ্ধে প্ৰায়ে তীৰ্যক মন্তব্য আগবঢ়োৱা শিলাদিত্য দেৱক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ এনেধৰণৰ মন্তব্য কৰিছে সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে।

    হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেবে এন আৰ চি আৰু আছুৰ বিৰুদ্ধে প্ৰকাশ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জাকিৰ হুছেইন শিকদাৰৰ ৷ বিধায়ক জাকিৰ হুছেইনে মন্তব্য কৰে যে, শিলাদিত্য দেৱৰ সৈতে বিধানসভাত একেলগে বহি থাকিবলৈ বেয়া লাগে ৷ শিলাদিত্যকলৈ এতিয়া শংকিত সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়কজন। কাশ্মীৰত গ্ৰহণ কৰা ব্যৱস্থাৰ দৰেই শিলাদিত্যকো গৃহবন্দী কৰাৰ দাবী সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ, কাৰণ নাগৰিক পঞ্জী প্ৰকাশৰ পিছতে শিলাদিত্যই ব্যাঘাত জন্মাব ৰাজ্যৰ শান্তি–শৃংখলাত

    শেহতীয়া বাতৰি