কোনে জানে কাৰ কপালত কি লিখা থাকে ? হয়তো ভগৱানৰ বাহিৰে কোনেও নাজানে ৷ আগদিনা আবেলি আই নৈৰ দলঙৰ পৰা বনাইছিল এটা ইউটিউৱ ব্ল’গছ ৷ বৰ্ণনা কৰিছিল আই নৈৰ সৌন্দৰ্য ৷ বৰ্ণনা কৰিছিল আই নৈৰ ভয়াৱহতা ৷ কিন্তু বিধিৰ কি বিপাক !! পিছদিনা পুৱাই ইউটিউৱ ব্ল’গছ বনোৱা দলঙৰ কাষতেই একেখন আই নৈৰ বুকুতেই হেঁৰাই গ’ল ছাত্ৰজন ৷
বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত আই নৈৰ বুকুত সোমবাৰে সন্ধানহীন হৈছিল মেধাৱী আৰু প্ৰতিভাৱান ছাত্ৰ ৰাজীৱ ৰায় ৷ আই নৈৰ বুকুত সন্ধানহীন হোৱা আজি তিনিদিন হ’ল যদিও এতিয়াও সন্ধান উলিওৱাত ব্যৰ্থ SDRF ৷
আই নৈৰ পাৰত চলিছে নাম-প্ৰসংগ ৷ চলিছে প্ৰাৰ্থনা সভা ৷ তথাপিও ওলোৱা নাই সন্ধান ৰাজীৱৰ ৷ সৰুৰে পৰাই মেধাৱী ৰাজীৱ ৰায় ভাল ঢোলবাদনো কৰিছিল ৷ নৃত্য পৰিৱেশন কৰি সকলোৰে মৰম বুটলিবলৈ সক্ষম হৈছিল ৷ কিন্তু নিষ্ঠুৰ নিয়তিৰ ওচৰত হেৰাই গ’ল ৰাজীৱ ৷
আজি শোকস্তব্ধ সৃজনগ্ৰাম ৷ শোকস্তব্ধ অভয়াপুৰী ৷ অভয়াপুৰীৰ এল বি একাডেমীৰ উচ্চতৰ মাধ্যমিৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল ৰাজীৱ ৷ আই নৈৰ বিষয়ে ইউটিউৱ ব্ল’গছ বনোৱা ৰাজীৱ হেৰাই গ’ল আই নৈৰ বুকুতেই ৷ ৰাজীৱৰ সন্ধানত অভিযান অব্যাহত ৰাখি যদিও বৰ্তমানলৈ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷
FIRST PUBLISHED : August 06, 2020, 21:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।