• Home
  • »
  • News
  • »
  • assam
  • »
  • Biodiversity: জৈৱ-বৈচিত্ৰ্য সংৰক্ষণত নিয়োজিত কেইজনমান যুৱক, বাক্সাক কৰি তুলিছে সেউজীয়া

Biodiversity: জৈৱ-বৈচিত্ৰ্য সংৰক্ষণত নিয়োজিত কেইজনমান যুৱক, বাক্সাক কৰি তুলিছে সেউজীয়া

সংস্থাটোৱে বিগত সময়ত দুষ্প্ৰাপ্য সোণালী বান্দৰ, বিলুপ্তপ্ৰায় হাড়গিলা উদ্ধাৰ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে।

সংস্থাটোৱে বিগত সময়ত দুষ্প্ৰাপ্য সোণালী বান্দৰ, বিলুপ্তপ্ৰায় হাড়গিলা উদ্ধাৰ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে।

সংস্থাটোৱে বিগত সময়ত দুষ্প্ৰাপ্য সোণালী বান্দৰ, বিলুপ্তপ্ৰায় হাড়গিলা উদ্ধাৰ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে।

  • Share this:

যি সময়ত ৰাজ্যত অবাধ গতিত বন ধ্বংস কাৰ্য চলি আহিছে, তেনে সময়তে বাক্সাত বন সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে আগবাঢ়ি আহিছে কেইজনমান যুৱক ৷ বিশ্ব ঐতিহ্য মানাস ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্ৰ্য  ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে এইসকল যুৱক।যুৱককেইজনৰ প্ৰচেষ্টাত ঠন ধৰি উঠিছে পৰ্যটনস্থলী দ্বাৰাগাঁও ৷ বিগত এবছৰ পূৰ্বে বাক্সা জিলাৰ পৰ্যটন ক্ষেত্ৰ দ্বাৰাগাঁওত যুৱককেইজনে মানাস দ্বাৰাগাঁও ইকো টুৰিজিম ছ'চাইটী নামৰ এটা সংস্থা গঠন কৰি প্ৰকৃতিৰ সুৰক্ষাৰ হকে কাম কৰি আহিছে ৷


উল্লেখ্য যে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত তথা দিহিৰা সংৰক্ষিত বনাঞ্চলখন ইতিমধ্যে বেদখলকাৰীৰ কবলত পৰি ইয়াৰ অধিকাংশ গছ-গছনি ধ্বংস হৈ গৈছে ৷ ফলত এই অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহি পৰিছিল ৷ উদীয়মান যুৱক ক্ৰমে অমৰজ্যোতি হাজৰিকা, উৎপল দাসৰ নেতৃত্বত কেইজনমান স্থানীয় যুৱকক লগত লৈ গঠন হোৱা প্ৰকৃতি সংগঠনটোৱে এতিয়া প্ৰকৃতিৰ সুৰক্ষাৰ হকে কাম কৰি আহিছে ৷ ভাৰত- ভূটান সীমান্তৰ এই দ্বাৰাগাঁওক ৰাজ্যৰ এক বিশেষ পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ বাবেও যুৱককেইজনে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷


ইতিমধ্যে সংস্থাটোৱে বিগত সময়ত দুষ্প্ৰাপ্য সোণালী বান্দৰ, বিলুপ্তপ্ৰায় হাড়গিলা উদ্ধাৰ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোক সেউজীয়া কৰি ৰখাৰ বাবে গছপুলি ৰোপণ কৰি আহিছে ৷ ভাৰত-ভূটান সীমান্ত অঞ্চলটোত যাতে কোনোৱে গছ - গছনি কটা বা জীৱ–জন্তু হত্যা কৰিব নোৱাৰে, তাৰ বাবে পহৰাৰো ব্যৱস্থা কৰি আহিছে সংস্থাটোৰ সদস্যসকলে ৷ সম্প্ৰতি চৰকাৰীভাৱে সংস্থাটোৱে কোনো সাহায্য লাভ কৰিবলৈ সক্ষম নহ'লেও প্ৰকৃতি সুৰক্ষাৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে ৷ তেওঁলোকে ইতিমধ্যে ৰাজ্যৰ কেইবাটাও আগশাৰীৰ প্ৰকৃতি সংগঠনৰ সৈতে যোগাযোগ কৰি অঞ্চলটোৰ অধিক উন্নয়নৰ হকে কাম কৰিব বুলিও জানিবলৈ দিয়ে ৷

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি