যোৰহাটত ৰাজপথতে যুৱকে ৰেপিলে নিজৰ ডিঙি

সমীপতে থকা যান–বাহন আৰক্ষীয়ে ঘটনাটো প্ৰত্যক্ষ কৰি যুৱকজনক বাধা দিয়াৰ লগতে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

news18assam
Updated:June 7, 2019, 2:25 PM IST
যোৰহাটত ৰাজপথতে যুৱকে ৰেপিলে নিজৰ ডিঙি
সমীপতে থকা যান–বাহন আৰক্ষীয়ে ঘটনাটো প্ৰত্যক্ষ কৰি যুৱকজনক বাধা দিয়াৰ লগতে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
news18assam
Updated: June 7, 2019, 2:25 PM IST
যোৰহাট নগৰৰ মাজমজিয়াত লোমহৰ্ষক ঘটনা। নগৰৰ ডচ এণ্ড কোঃ চাৰিআলিৰ সমীপত এজন যুৱকে ৰাজপথতে নিজৰ ডিঙি কাটি আত্মহত্যাৰ চেষ্টা চলায়। ব্লেডেৰে নিজৰ ডিঙিত উপৰ্যুপৰি ৰেপ দিয়ে যুৱকজনে। সমীপতে থকা যান–বাহন আৰক্ষীয়ে ঘটনাটো প্ৰত্যক্ষ কৰি যুৱকজনক বাধা দিয়াৰ লগতে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। যুৱকজনৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে। কি কাৰণত যুৱকজনে এইদৰে ৰাজপথত আত্মহত্যাৰ চেষ্টা চলালে সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই।
আৰু চাওক পৰৱৰ্তী বাতৰি