তিনিচুকীয়াত নিৰীহৰ ওপৰত ভাৰতীয় সেনাৰ অত্যাচাৰৰ অভিযোগ, পুখুৰীত জুবুৰিয়াই থ’লে যুৱকক

স্থানীয় থানাত খবৰ দিলে যুৱকজন আকৌ অত্যাচাৰ কৰাৰ ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে সেনাৰ বিৰুদ্ধে।

News18-Assam
Updated:August 25, 2019, 4:13 PM IST
তিনিচুকীয়াত নিৰীহৰ ওপৰত ভাৰতীয় সেনাৰ অত্যাচাৰৰ অভিযোগ, পুখুৰীত জুবুৰিয়াই থ’লে যুৱকক
স্থানীয় থানাত খবৰ দিলে যুৱকজন আকৌ অত্যাচাৰ কৰাৰ ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে সেনাৰ বিৰুদ্ধে।
News18-Assam
Updated: August 25, 2019, 4:13 PM IST
তিনিচুকীয়াত পুনৰ নিৰীহৰ ওপৰত ভাৰতীয় সেনা বাহিনীয়ে অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। দেওবাৰে পেঙেৰীৰ টেকেৰী গাঁৱৰ বগা বড়া নামৰ যুৱকজনক পেঙেৰী সেনা ছাউনীত নিৰ্মম অত্যাচাৰ চলোৱাৰ অভিযোগ। যুৱকজনক সেনাৰ জোৱানে লাঠীৰে মৰিয়াই মৰিয়াই জুবুৰিয়াই থৈছিল পুখুৰীত। কি কাৰণত এইদৰে যুৱকজনৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱা হ’ল সেয়া ৰহস্যৰ আৱৰ্তত। স্থানীয় থানাত খবৰ দিলে যুৱকজন আকৌ অত্যাচাৰ কৰাৰ ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে সেনাৰ বিৰুদ্ধে। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।
আৰু চাওক পৰৱৰ্তী বাতৰি