মুখ্যপৃষ্ঠা »খবৰ »অসম »কোভিড পজিটিভ ৰোগীক লৈ মৰাণত আৰক্ষী-প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ অথন্তৰ

কোভিড পজিটিভ ৰোগীক লৈ মৰাণত আৰক্ষী-প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ অথন্তৰ

যুৱকজনে মাত্ৰ তিনিদিনৰ পূৰ্বে দুলীয়াজানৰ পৰা এগৰাকী যুৱতীক প্ৰেমসূত্ৰে বিবাহ কৰাই আনি মৰাণ বিষ্ণুপুৰৰ এই ভাড়াঘৰত আশ্ৰয় লৈছিল৷

যুৱকজনে মাত্ৰ তিনিদিনৰ পূৰ্বে দুলীয়াজানৰ পৰা এগৰাকী যুৱতীক প্ৰেমসূত্ৰে বিবাহ কৰাই আনি মৰাণ বিষ্ণুপুৰৰ এই ভাড়াঘৰত আশ্ৰয় লৈছিল৷

  • Share this:
মৰাণত এজন কোভিড-১৯ পজিটিভ ৰোগীয়ে অথন্তৰত পেলালে আৰক্ষী-প্ৰশাসন আৰু স্বাস্থ্য বিভাগক৷ অজয় বড়ো (২২) নামৰ যুৱকজনৰ যোৱা ২০ জুলাইত ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এটা স্বাস্থ্য উপকেন্দ্ৰত নমুনা সংগ্ৰহ কৰা হৈছিল৷ যোৱানিশা যুৱকজনৰ কোভিড-১৯ পজিটিভ ফলাফল অহাৰ পিছতে যুৱকজনৰ সন্ধানত নামে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ৷ যুৱকজনক ফোনযোগে যোগাযোগ কৰি বিষয়টো অৱগত কৰাৰ পিছতে ঠিকনা নজনোৱাকৈ ফোনৰ চুইটচ অফ কৰি দিয়ে যুৱকজনে৷

উপায়ন্তৰ হৈ প্ৰশাসনে যুৱকজনৰ ম'বাইল টাৱাৰ লোকেচনৰ জৰিয়তে চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণ বিষ্ণুপুৰত অৱস্থিতি ধৰা পেলাই৷ কিন্তু ওৰেনিশা আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ দলে যুৱকজনৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়৷ পুৱা পুনৰ মৰাণহাট আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ দলে বিচাৰ-খোচাৰ কৰি অৱশেষত মৰাণ বিষ্ণুপুৰৰ এটা ভাড়াঘৰত যুৱকজনৰ সন্ধান লাভ কৰে৷

যুৱকজনে মাত্ৰ তিনিদিনৰ পূৰ্বে দুলীয়াজানৰ পৰা এগৰাকী যুৱতীক প্ৰেমসূত্ৰে বিবাহ কৰাই আনি মৰাণ বিষ্ণুপুৰৰ এই ভাড়াঘৰত আশ্ৰয় লৈছিল৷ নৱ বিবাহিতা পত্নীয়ে যুৱকজনক পঠিয়াবলৈ অমান্তি হোৱাত বিবুদ্ধিত পৰে আৰক্ষী আৰু স্বাস্থ্যকৰ্মী৷ বহুসময় আৰক্ষীয়ে বুজনি দিয়াৰ পাছত যুৱকজনক নিবলৈ সক্ষম হয় স্বাস্থ্য কৰ্মীসকলে৷ যুৱকজনৰ প্ৰকৃত ঘৰ তেজপুৰৰ মিছামাৰীত বুলি জানিব পৰা গৈছে৷

বৰ্তমান স্বাস্থ্য বিভাগৰ লোকে যুৱকজনক মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয়ত থকা কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰিছে৷ আনহাতে, নৱ বিবাহিতা পত্নীক মৰাণৰ চেপন চকলীয়াত থকা কোভিড স্ক্ৰীনিং চেণ্টাৰত ৰেপিড টেষ্টৰ ব্যৱস্থা কৰে৷

শেহতীয়া বাতৰি