• Home
  • »
  • News
  • »
  • assam
  • »
  • এজন যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস, নিজৰ অনুপ্ৰেৰণাৰ ব্যক্তিৰ টেটু অংকন কৰিলে শৰীৰত

এজন যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস, নিজৰ অনুপ্ৰেৰণাৰ ব্যক্তিৰ টেটু অংকন কৰিলে শৰীৰত

জীৱনৰ শেষ উশালৈকে নিজক অসমীয়া বুলি চিনাকি দিয়াৰ বাবে বাওঁ হাতত অংকন কৰিছে 'জয় আই অসম’।

জীৱনৰ শেষ উশালৈকে নিজক অসমীয়া বুলি চিনাকি দিয়াৰ বাবে বাওঁ হাতত অংকন কৰিছে 'জয় আই অসম’।

জীৱনৰ শেষ উশালৈকে নিজক অসমীয়া বুলি চিনাকি দিয়াৰ বাবে বাওঁ হাতত অংকন কৰিছে 'জয় আই অসম’।

  • Share this:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা অথবা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ টেটু অংকন কৰা হয়তো দেখিছে। কিন্তু এজন যুৱকে নিজৰ শৰীৰত অংকন কৰিলে নিজৰ গুৰু, অনুপ্ৰেৰণা বা আদৰ্শৰ ব্যক্তিজনৰ। যুৱকজনৰ নাম হৈছে অঞ্জন জ্যোতি তালুকদাৰ। অসম যুৱ পৰিষদ গুৱাহাটীৰ উপ–সভাপতি অঞ্জন জ্যোতি তালুকদাৰে গুৰু, অনুপ্ৰেৰণা, জীৱনৰ পথ প্ৰদৰ্শক অথবা আদৰ্শ হিচাপে টেটু অংকন কৰিছে অসম গণ পৰিষদৰ প্ৰচাৰ সম্পাদক ড০ তপন দাসৰ।

জীৱনৰ শেষ উশালৈকে নিজক অসমীয়া বুলি চিনাকি দিয়াৰ বাবে বাওঁ হাতত অংকন কৰিছে 'জয় আই অসম’। আৰু সোঁহাতত অংকন কৰিছে ড০ তপন দাসৰ টেটু। প্ৰায় ১০ৰ পৰা ১৫টা দিন ধৰি কৰা চেষ্টাৰ ফলত এই ৰূপ লাভ কৰিছে টেটুটোৱে।

ইয়াৰোপৰি অঞ্জন জ্যোতি তালুকদাৰ অসম গণ পৰিষদৰ লগতে ড০ তপন দাসৰ সৈতে আন আন সামাজিক কামৰ সৈতেও দীৰ্ঘদিনৰ পৰা জড়িত হৈ আহিছে। উল্লেখযোগ্য যে, ড০ তপন দাসৰ সৈতে অসম চাইক্লিং সন্থাৰ লগতো জড়িত হৈ আহিছে যুৱকজন।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি