মুখ্যপৃষ্ঠা »খবৰ »অসম »চৰকাৰৰ গঁড়ৰ খৰ্গ জ্বলাই দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় পালে যুৱ সংগঠন

চৰকাৰৰ গঁড়ৰ খৰ্গ জ্বলাই দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় পালে যুৱ সংগঠন

সংগঠনটোৰ সন্দেহ– এনে ব্যৱস্থাৰ জৰিয়তে দোষীয়ে দোষমুক্ত হ'ব আৰু চৰকাৰৰ হাতত তথ্য–প্ৰমাণ নাথকিব ৷

সংগঠনটোৰ সন্দেহ– এনে ব্যৱস্থাৰ জৰিয়তে দোষীয়ে দোষমুক্ত হ'ব আৰু চৰকাৰৰ হাতত তথ্য–প্ৰমাণ নাথকিব ৷

  • Share this:

বিশ্ব গঁড় দিৱসৰ দিনাই জ্বলাই দিয়াৰ সম্ভাৱনা অসমৰ ২৪৭৯ টা গঁড়ৰ খৰ্গ ৷ কাজিৰঙাৰ সমীপত বিশ্ব বিখ্যাত এশিঙীয়া খৰ্গ জ্বলাই দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে ৷ ৰাজ্যৰ কেবিনেটত হোৱা সিদ্ধান্তৰ পিছতে তৎপৰ হৈছে বন বিভাগ ৷


১৯৭০ চনৰ পৰা ৰাজ্যৰ কোষাগাৰত সংৰক্ষিত হৈ আছে মুঠ ২৬২৩টা খৰ্গ ৷ জীৱ–জন্তুৰ অংগ–প্ৰত্যংগৰ চোৰাং বেহা তথা অন্ধবিশ্বাস দূৰীকৰণক লৈ সংৰক্ষিত খৰ্গ জ্বলাই দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰৰ ৷ বন বিভাগে গঠন কৰি দিয়া তিনিখন কমিটীয়ে বাছনি কৰিছে খৰ্গসমূহ ৷


ইমানে নহয়, ভৱিষ্যতৰ বাবে সংৰক্ষণৰ বাবে ৯৪টা খৰ্গ বাছনি কৰা হৈছে, গোচৰ চলি থকা ৫০টা খৰ্গৰ বাহিৰে সকলো খৰ্গ জ্বলাই দিয়াৰ সিদ্ধান্ত বন বিভাগৰ ৷ ইয়াৰ বাবে অনানুষ্ঠানিকভাৱে ২২ ছেপ্টেম্বৰৰ দিনটো ধাৰ্য কৰিছে চৰকাৰে ৷


 পিছে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক সহজে লোৱা নাই দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে ৷ চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ স্থগিতাদেশ আনিবলৈ সংগঠনটো ওচৰ চাপিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ ৷ সংগঠনটোৰ সন্দেহ– এনে ব্যৱস্থাৰ জৰিয়তে দোষীয়ে দোষমুক্ত হ'ব আৰু চৰকাৰৰ হাতত তথ্য–প্ৰমাণ নাথকিব ৷


সেয়ে বন বিভাগে তথ্য প্ৰমাণ নষ্ট কৰিবলৈ জ্বলাই দিব বিচাৰিছে খৰ্গসমূহ ৷ তেওঁলোকৰ যুক্তি ৯৪টা খৰ্গ যদি সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰি, তেন্তে সকলোবোৰ নোৱৰাৰ কাৰণ কি? এতিয়া দেশৰ উচ্চতম ন্যায়ালয়ে কি কয় এই প্ৰসংগত তালৈ অপেক্ষা কৰিব লাগিব।

শেহতীয়া বাতৰি