• Home
  • »
  • News
  • »
  • assam
  • »
  • বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণেৰে স্বাৱলম্বনৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ফুলগুৰিৰ এগৰাকী যুৱকে। কোন এই যুৱক জানো আহক!

বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণেৰে স্বাৱলম্বনৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ফুলগুৰিৰ এগৰাকী যুৱকে। কোন এই যুৱক জানো আহক!

যুৱ প্ৰজন্মৰ বাবে আশাৰ বতৰা হৈ পৰিছে ধ্ৰুৱজ্যোতি ৰাজা।

যুৱ প্ৰজন্মৰ বাবে আশাৰ বতৰা হৈ পৰিছে ধ্ৰুৱজ্যোতি ৰাজা।

যুৱ প্ৰজন্মৰ বাবে আশাৰ বতৰা হৈ পৰিছে ধ্ৰুৱজ্যোতি ৰাজা।

  • Share this:
বৰ্তমান ভয়াবহ  নিবনুৱা সমস্যাৰ কবলত সমগ্ৰ ৰাজ্য ৷ কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে বৰ্হি ৰাজ্যত কৰ্মৰত যুৱচামো ৰাজ্যলৈ ঘুৰি আহিব লগা হোৱাত ভয়াবহ ৰূপ ধাৰণ কৰিছে  নিবনুৱা সমস্যাই ৷ নিবনুৱা সকলে কৰ্ম  সংস্থাপনৰ অভাবৰ বাবে আৰ্থিক ভাৱে জুৰুলা হোৱা সময়তে ৰহাৰ ফুলগুৰিৰ ধ্ৰুৱ কুমাৰ ৰাজা(মান্না) নামৰ এজন যুৱকে কুটিৰ শিল্প বা বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণেৰে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলে সক্ষম হৈছে ৷

ফুলগুৰিৰ নিবাসী প্ৰয়াত হেমকান্ত ৰাজা আৰু হেমকান্তি ৰাজাৰ  সন্তান ধ্ৰুৱজ্যোতি ৰাজাই শৈশৱতে আকৃষ্ট হৈছিল বাঁহ-বেতেৰে সামগ্ৰী নিৰ্মাণৰ প্ৰতি। প্ৰথমে ডলা-চালনী আদি নিৰ্মান কৰিবলৈ আৰম্ভ কৰা ৰাজাই যোৱা ১২বছৰে বাঁহৰে ছোফাছেট ,ডাইনিং টেবুল, শৰাই , ঢোল, খোলকে আদি কৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি জিৱীকা নিৰ্বাহ কৰি আহিছে। বাহঁ-বেতৰ সামগ্ৰী সমূহ বিক্ৰী কৰি মাহেকত কমেও ১৫হাজাৰতকৈ অধিক উপাৰ্জণ কৰি  পৰিয়ালটো সুন্দৰকৈ পোহপাল দিবলৈ সক্ষম হৈছে ৷

প্ৰাকৃতিক সম্পদৰে চহকী  উত্তৰ পূৰ্বাঞ্চলৰ বাঁহ শিল্পই হস্তশিল্প ক্ষেত্ৰখনত বিশেষ সমাদৰ দখল কৰি আহিছে ৷ এই বাঁহ শিল্পৰ  সাধনাৰে হস্তশিল্পৰ ভিন্ন অনুষ্ঠানত অংশ গ্ৰহণ কৰি  ধ্ৰুৱজ্যোতিয়ে বহু প্ৰশংসা বুটলিবলৈও সক্ষম হোৱাৰ লগতে বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা কৰ্মশালাত  প্ৰশিক্ষণ প্ৰদান কৰি বহুজনক স্বাৱলম্বী হোৱাত অৰিহণা যোগাইছে ৷

নিজৰ সাধনাৰে ৰাজাই তৈয়াৰ কৰা বাঁহৰ ছোফা ,টেবুুল ,ডাইনিং,জাপি, ঢোল ,খোল শৰাই আৰু বিভিন্ন মডেলৰ ফুলদানী সমূহে ৰাইজক আকৰ্ষিত কৰি আহিছে ফলত এই সামগ্ৰী সমূহৰ ছাহিদা যথেষ্ট পৰিমানে বৃদ্ধি পাইছে আৰু শিল্পী জনক স্বাৱলম্বী হোৱাত সহায় কৰিছে ৷বৰ্তমান পৰিস্থিতিত ৰাজাৰ এই কাৰ্য প্ৰশংসনীয় আৰু যুৱ চামৰ বাবে নিশ্চয়কৈ প্ৰেৰণাৰ উৎস ৷
Published by:Manjumoni Borah
First published: