মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মৰিয়নীৰ গাভৰুত গণপ্ৰহাৰত প্ৰাণ গ’ল যুৱকৰ, এটা সৰু দুৰ্ঘটনাক লৈ জঁপিয়াই পৰিল এদল উন্মাদ

মৰিয়নীৰ গাভৰুত গণপ্ৰহাৰত প্ৰাণ গ’ল যুৱকৰ, এটা সৰু দুৰ্ঘটনাক লৈ জঁপিয়াই পৰিল এদল উন্মাদ

News18 Assam | News18-Assam
Updated:May 30, 2020, 11:16 PM IST
মৰিয়নীৰ গাভৰুত গণপ্ৰহাৰত প্ৰাণ গ’ল যুৱকৰ, এটা সৰু দুৰ্ঘটনাক লৈ জঁপিয়াই পৰিল এদল উন্মাদ
একাংশ উন্মত্ত লোকে দেৱাশিসক মাটিত বগৰাই গচকি নিৰ্মমভাৱে প্ৰহাৰ কৰে।

একাংশ উন্মত্ত লোকে দেৱাশিসক মাটিত বগৰাই গচকি নিৰ্মমভাৱে প্ৰহাৰ কৰে।

  • Share this:
মৰিয়নীৰ গাভৰু পৰ্বতত সংঘটিত হৈছে এক লোমহৰ্ষক কাণ্ড। গণপ্ৰহাৰত দেৱাশিস গগৈ নামৰ যুৱক এজনৰ মৃত্যু। গাভৰু আঠাইশ শিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ শুকুৰবাৰে এজন বন্ধুৰ সৈতে গৈছিল দেৱাশিস গগৈ নামৰ যুৱকজন। উভতি অহাৰ সময়ত এটা সৰু দুৰ্ঘটনাক কেন্দ্ৰ কৰি যুৱকজনৰ সৈতে গাভৰু পৰ্বত চাহ বাগিচাৰ সন্মুখত সংঘাতত লিপ্ত হয় স্থানীয় একাংশ লোক। একাংশ উন্মত্ত লোকে দেৱাশিসক মাটিত বগৰাই গচকি নিৰ্মমভাৱে প্ৰহাৰ কৰে।

দেৱাশিসক ৰক্ষা কৰিবলৈ চেষ্টা কৰা বন্ধু আদিত্য দাসো গুৰুত্বভাৱে আহত হয় এই ঘটনাত।যুৱকজনক উদ্ধাৰ কৰিবলৈ যোৱা পিতৃ আৰু বায়েকৰ সন্মুখতে প্ৰহাৰ কৰে উন্মাদ লোকসকলে।পুত্ৰক গণপ্ৰহাৰৰ পৰা ৰক্ষা কৰিবলৈ যোৱা পিতৃকো আবদ্ধ কৰি ৰাখে একাংশ লোকে। আনহাতে গুৰুত্বভাৱে আহত যুৱকজনক পিতৃয়ে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।

শনিবাৰে সন্ধিয়া যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক আকোৱালি লয় দেৱাশিসে।হেমলাই মিল গাঁৱৰ প্ৰাক্তন আছু কৰ্মী দেৱজিৎ গগৈৰ পুত্ৰ আছিল দেৱাশিস গগৈ ওৰফে দুদু নামৰ যুৱকজনৰ। ঘটনাক লৈ মৰিয়নীত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘটনাৰ লগত জড়িত দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী জনাইছে আছু আৰু আটাছুৰ নকছাৰী আঞ্চলিক সমিতিয়ে।
First published: May 30, 2020, 11:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি