হাইলাকান্দিত বাৰ্থডে পাৰ্টী খাবলৈ মাতি যুৱকক নৃশংসভাৱে হত্যা

এই হত্যাৰ লগতে জড়িতৰ অভিযোগত তিনিজনক আটক কৰিছে আৰক্ষীয়ে।
এই হত্যাৰ লগতে জড়িতৰ অভিযোগত তিনিজনক আটক কৰিছে আৰক্ষীয়ে।
- News18 Assam
- Last Updated: August 20, 2020, 12:56 PM IST
এই হত্যাৰ লগতে জড়িতৰ অভিযোগত তিনিজনক আটক কৰিছে আৰক্ষীয়ে। পেছাত সুমন দাস আছিল এজন গাড়ীচালক, সেই হিচাপে গাঁৱৰ সকলোৰে লগত আছিল এক সুসম্পর্ক। কিন্তু কিয় এনেদৰে যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল সেয়া এতিয়ালৈ জানিব পৰা নাই। সুমন দাসৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষীৰ এক বিশাল দ'ল গৈ উপস্থিত হয় ঘটনাস্থলীত। সুমন দাসৰ ভাতৃ আৰু পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে সুমন দাসৰ হত্যাৰ ন্যায় বিচাৰি দুষ্কৃতিকাৰীক উচিত শাস্তিৰ দাবী জনায়।