গুৱাহাটীৰ পাথৰকুৱেৰীত নৃশংস হত্যাকাণ্ড, ৰডেৰে হানি–খুচি হত্যা এজন যুৱকক

মঙলবাৰে পুৱাৰ ভাগত পাথৰকুৱেৰীৰ মেগজিনৰ শিলসাঁকো বিলৰ পাৰত এটা নিৰ্মীয়মান ঘৰৰ চৌহদত তেজেৰে লুটুৰি–পুতুৰি অৱস্থাত মুন্নাৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।
মঙলবাৰে পুৱাৰ ভাগত পাথৰকুৱেৰীৰ মেগজিনৰ শিলসাঁকো বিলৰ পাৰত এটা নিৰ্মীয়মান ঘৰৰ চৌহদত তেজেৰে লুটুৰি–পুতুৰি অৱস্থাত মুন্নাৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।
- News18 Assam
- Last Updated: December 8, 2020, 11:51 AM IST
উল্লেখযোগ্য যে মুন্না আলীয়ে পাথৰকুৱেৰী অঞ্চলত ৰাজ মিস্ত্ৰী কাম কৰি চাৰিজনীয়া পৰিয়ালটোক পোহ পাল দি আছিল যুৱকজনে। সোমবাৰে সন্ধিয়া কামৰ সন্ধানত ঘৰৰ পৰা ওলাই আহে। নিশাৰ ভাগত ঘৰলৈ উভতি নোযোৱাত মুন্নাক পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ–খোচাৰ কৰে।
মঙলবাৰে পুৱাৰ ভাগত পাথৰকুৱেৰীৰ মেগজিনৰ শিলসাঁকো বিলৰ পাৰত এটা নিৰ্মীয়মান ঘৰৰ চৌহদত তেজেৰে লুটুৰি–পুতুৰি অৱস্থাত মুন্নাৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। ইয়াৰ পিছত ৰাইজে মুন্নাৰ পৰিয়ালক খবৰ দিয়ে।