• Home
  • »
  • News
  • »
  • assam
  • »
  • Accident at Jalukbari: পথৰ দাঁতিত থকা পোষ্টত খুন্দা, নিহত বাইকচালক যুৱক

Accident at Jalukbari: পথৰ দাঁতিত থকা পোষ্টত খুন্দা, নিহত বাইকচালক যুৱক

যুৱকজনৰ অকাল মৃত্যুত সমগ্ৰ বিদ্যানগৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।

যুৱকজনৰ অকাল মৃত্যুত সমগ্ৰ বিদ্যানগৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।

যুৱকজনৰ অকাল মৃত্যুত সমগ্ৰ বিদ্যানগৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।

  • Share this:

আজি গুৱাহাটী মহানগৰীৰ জালুকবাৰী(Jalukbari)ত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জালুকবাৰীৰ সাতমাইলৰ পৰা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ যোৱাৰ পথত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱালে এজন যুৱকে।


নিহত যুৱকজন বিদ্যানগৰৰ চাকিৰ আহমেদ আৰু তেওঁৰ বয়স প্ৰায় ৩০ বছৰ। জানিব পৰা মতে, যুৱকজনে আজি বিয়লি এখন মটৰচাইকেলেৰে অভিযান্ত্ৰিক মহাবিদ্যালয় (Assam Engineering College)ৰ দিশে গৈ থকা অৱস্থাত এটা খুটাঁত খুন্দা মৰাৰ ফলত পথ দুৰ্ঘটনা(road accident)টো সংঘটিত হয়।


উক্ত পথ দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় যুৱকজনৰ। ইফালে যুৱকজনৰ অকাল মৃত্যুত সমগ্ৰ বিদ্যানগৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।


Assam News Today | News in Assamese
Published by:Gautam Barman
First published: