• Home
  • »
  • News
  • »
  • assam
  • »
  • আমিনুল ইছলামৰ বিৰুদ্ধে শিমলুগুৰি আৰক্ষী থানাত যুৱকে দাখিল কৰিলে এজাহাৰ

আমিনুল ইছলামৰ বিৰুদ্ধে শিমলুগুৰি আৰক্ষী থানাত যুৱকে দাখিল কৰিলে এজাহাৰ

আমিনুল ইছলামৰ মন্তব্যৰ বাবে ধৰ্মীয় সংঘাত হোৱা তথা শান্তি-সম্প্ৰীতি ভংগৰ  অৱকাশ আছে বুলি উল্লেখ কৰে যুৱকগৰাকীয়ে।

আমিনুল ইছলামৰ মন্তব্যৰ বাবে ধৰ্মীয় সংঘাত হোৱা তথা শান্তি-সম্প্ৰীতি ভংগৰ  অৱকাশ আছে বুলি উল্লেখ কৰে যুৱকগৰাকীয়ে।

আমিনুল ইছলামৰ মন্তব্যৰ বাবে ধৰ্মীয় সংঘাত হোৱা তথা শান্তি-সম্প্ৰীতি ভংগৰ  অৱকাশ আছে বুলি উল্লেখ কৰে যুৱকগৰাকীয়ে।

  • Share this:
ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰক্ষী থানাত গোচৰ তৰিলে (filed an FIR) এজন যুৱকে। যোৱা শনিবাৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে অসমৰ আধ্যাত্মিক স্থল,  শক্তিপীঠৰ অন্যতম মা কামাখ্যা মন্দিৰৰ মাটি ঔৰংগজেৱে দান কৰা বুলি মন্তব্য  কৰিছিল।

বিধায়ক ইছলামে (MLA Aminul Islam) সুপৰিকল্পিতভাৱে সমাজত ধৰ্মীয় অনুভূতিত আঘাত হানি  ধৰ্মীয় সংঘাত আৰু শান্তি-সম্প্ৰীতি ভংগ কৰিবলৈ প্ৰৰোচনামূলক মন্তব্য কৰাৰ অভিযোগত নাজিৰাৰ শিমলুগুৰি আৰক্ষী থানাত নিজাববীয়াকৈ এজাহাৰ দাখিল কৰিছে  শিমলুগুৰিৰ যুৱক সৌৰভ দত্তই৷

সৌৰভ দত্তৰ মতে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ এই মন্তব্যৰ বাবে সমাজত সম্পূৰ্ণৰূপে ধৰ্মীয় সংঘাত হোৱাৰ তথা শান্তি-সম্প্ৰীতি ভংগ হোৱাৰ  অৱকাশ আছে।

বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে দিয়া এই এজাহাৰৰ ভিত্তিত বিধায়কগৰাকীৰ  বিৰুদ্ধে অসম আৰক্ষীয়ে (Assam Police) ব্যৱস্থা গ্ৰহণ কৰাৰ আশা প্ৰকাশ কৰিছে যুৱকজনে৷

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published: