এটা বিড়িৰ বাবেই শেষ হৈ গ’ল এজন যুৱকৰ জীৱন, বাক্সাৰ নিকাছীত সংঘটিত হৈছে এই ঘটনা

News18 Assam | News18-Assam
Updated:October 27, 2020, 3:09 PM IST
এটা বিড়িৰ বাবেই শেষ হৈ গ’ল এজন যুৱকৰ জীৱন, বাক্সাৰ নিকাছীত সংঘটিত হৈছে এই ঘটনা
বাক্সাৰ নিকাছী আৰক্ষী চকীৰ অন্তৰ্গত ১নং মধুপুৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড৷

বাক্সাৰ নিকাছী আৰক্ষী চকীৰ অন্তৰ্গত ১নং মধুপুৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড৷

  • Share this:
বাক্সাৰ ভাৰত-ভূটান সীমান্তত নৃশংস হত্যাকাণ্ড৷ এটা বিড়িৰ বাবে মহাকে হত্যা কৰিলে ভতিজাকক৷ চোকা অস্ত্ৰেৰে হানি–খুচি হত্যা কৰিলে ভতিজাকক৷ বাক্সাৰ নিকাছী আৰক্ষী চকীৰ অন্তৰ্গত ১নং মধুপুৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড৷ ৰঞ্জিত বাৰ্লা নামৰ যুৱকজনক হত্যা কৰিলে লোৰেন বিলুং নামৰ লোকজনে ৷ সোমবাৰে নিশা সংঘটিত হয় এই হত্যাকাণ্ডটো৷

জানিব পৰা মতে সোমবাৰে ১নং মধুপুৰৰ ৰঞ্জিত বাৰ্লাই মহাক লোৰেন বিলুঙৰ ঘৰৰ চৌহদতে থকা দোকানত বিড়ি কিনিবলৈ আহি ‘মোক এটা বিড়ি দে’ বুলি লোৰেন বিলুঙক সাবটি ধৰে৷ সুৰাৰ ৰাগীত মাতাল হৈ থকা লোৰেণে ক্ষুন্ন হৈ লগত থকা চোকা অস্ত্ৰৰে আঘাত কৰে ৰঞ্জিতক৷ চোকা অস্ত্ৰৰ আঘাতত লোৰেণৰ ঘৰৰ বাৰাণ্ডাতে বাগৰি পৰে ৰঞ্জিত। পিছত অধিক ৰক্তক্ষৰণ হৈ মৃত্যুক সাবটি লয় ৷

আজি পুৱা গাঁওবুঢ়াই নিকাছী আৰক্ষীক খবৰ দিয়াত দণ্ডাধীশসহ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে হত্যাকাৰী লোৰেন বিলুং সম্প্ৰতি পলাতক অৱস্থাত আছে৷
Published by: Sanjay Kumar Das
First published: October 27, 2020, 3:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading