পুৰণি বক্স টিভিয়ে কাল হ’ল এজন যুৱকৰ, অধিক ধনৰ লোভেই জীৱন শেষ কৰিলে নাৰায়ণৰ

দেওবাৰে নাৰায়ণক বক্স টিভিৰ সন্ধানত লৈ গৈছিল অশোক কুৰ্মী নামৰ লগৰে এজন বন্ধুৱে।
দেওবাৰে নাৰায়ণক বক্স টিভিৰ সন্ধানত লৈ গৈছিল অশোক কুৰ্মী নামৰ লগৰে এজন বন্ধুৱে।
- News18 Assam
- Last Updated: November 4, 2020, 6:33 PM IST
ৰাজ্য তথা দেশৰ বিভিন্ন স্থানত এতিয়া পুৰণি নোট, ৮০ৰ দশকৰ পুৰণি বক্স টিভিৰ বিনিময়ত বৃহৎ ধন দিয়া হ'ব বুলি অনলাইন ব্যৱস্থা আৰু বিভিন্ন ধৰণৰ বাতৰি, উৰা বাতৰি বিয়পি পৰাক লৈ এতিয়া বিপদত একাংশ লোক। অসমৰ গাঁৱে-ভূঞে এতিয়া এই পুৰণি সামগ্ৰীৰ ব্যাপক উৰা বাতৰি বিয়পিছে।
ইয়াৰ মাজতে ডিব্ৰুগড়ত সংঘটিত হৈ গ'ল এক লোমহৰ্ষক হত্যাকাণ্ড। ডিব্ৰুগড়ৰ ঘোঁৰামৰা আৰক্ষী চকী অন্তৰ্গত ডংপঠাৰ জগলনীৰ ২৬ বছৰীয়া যুৱক নাৰায়ণ দুৱৰাক হত্যা কৰা হ'ল এই পুৰণি বক্স টিভিৰ সন্ধানত ওলাই যাওঁতেই।
দিনৰ পিছত দিন বাগৰিল কিন্তু নাৰায়ণ উভতি অহা নাছিল নিজ গৃহলৈ। পৰিয়ালে অশোক কুৰ্মী আৰু অশোকৰ পত্নীক যোগাযোগ কৰিছিল যদিও, ডিব্ৰুগড়ৰ লাহোৱালতে নাৰায়ণৰ লগ এৰা বুলি পৰিয়ালক কৈ ফালৰি কটাৰ চেষ্টা কৰিছিল অশোকে। ঘটনাত অধিক ৰহস্য ঘনীভূত হোৱাত নাৰায়ণৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপে আৰক্ষীয়ে অশোকক গ্ৰেপ্তাৰ কৰি প্ৰাৰম্ভিক তদন্ত চলাওঁতেই নাৰায়ণক হত্যা কৰি ৰহমৰীয়াত ব্ৰহ্মপুত্ৰৰ চাপৰিত পুটি থোৱা বুলি বিস্ফোৰক স্বীকাৰ উক্ত প্ৰদান কৰে।
অৱশেষত আজি পুৱাৰে পৰা আৰক্ষীৰ দলে ৰহমৰীয়াল গেলেকী চাপৰিৰ বালিত পুতি থোৱা নাৰায়ণৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে। যুৱকজনক উলংগ কৰি অতি নৃশংসভাৱে হত্যা কৰি বালিত পুতি ঠৈছিল।
ঘোঁৰামৰাৰ ভদ্ৰেশ্বৰ দুৱৰা আৰু অনিমা দুৱৰাৰ পুত্ৰ নাৰায়ণ দুৱৰা জন্মগতভাৱে বিশেষভাৱে সক্ষম আছিল। পৰিয়ালটোক আৰু স্থানীয় লোকসকলে বিভিন্ন প্ৰকাৰে সহায় সহযোগ কৰি আহিছিল। কৰ্মসংস্হাপনৰ পথ মুকলি কৰি লৈছিল। কিন্তু পুৰণি টিভি ক্ৰয় কৰি পুনৰ অদিক মূল্যত বিক্ৰী কৰাৰ বাবে প্ৰলোভিত কৰি মটৰ চাইকেলত নিজ ঘৰৰ পৰা লৈ গৈছিল। কিন্তু অৱশেষত এনেদৰে অতি নৃশংসভাৱে হত্যা কৰে নাৰায়ণক।