কৰিমগঞ্জত যুৱকক নৃশংসভাৱে হত্যা, দুৰ্বৃত্তই কাটি টুকুৰা–টুকুৰ কৰিলে ভৰি

আজি পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আজাহাৰ উদ্দিনৰ।

news18assam
Updated:June 11, 2019, 11:27 AM IST
কৰিমগঞ্জত যুৱকক নৃশংসভাৱে হত্যা, দুৰ্বৃত্তই কাটি টুকুৰা–টুকুৰ কৰিলে ভৰি
আজি পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আজাহাৰ উদ্দিনৰ।
news18assam
Updated: June 11, 2019, 11:27 AM IST
কৰিমগঞ্জৰ নিলাম বজাৰত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে এজন যুৱকক। সোমবাৰে নিশা ধলগ্ৰামত দুৰ্বৃত্তই আক্ৰমণ কৰে যুৱকজনক। চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত যুৱকজনৰ এখন ভৰি প্ৰায় দ্বিখণ্ডিত হৈ যায়। নিশাই আজাহাৰ উদ্দিন নামৰ যুৱকজনক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছত সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ। আজি পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আজাহাৰ উদ্দিনৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি